আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু নৱম অধিৱেশন সম্পন্ন

Ghagrapar

*৩৪ গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১০ নৱেম্বৰঃ

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু নৱম  অধিৱেশনখন আজি আল্লিয়া বালিকা মধ্য  ইংৰাজী  বিদ্যালয়  প্ৰাংগনত দিনযোৰা কাৰ্য্যসূচীৰে  অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা ৮ -৩০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন দাসে।পুৱা ৯ বজাত শ্বহীদ তৰ্পণ কৰে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসে।ইয়াৰ পিছতে অঞ্চলটোৰ ১০ গৰাকী বিশিষ্ট ব্যক্তিয়ে  গছপুলি ৰোপন কৰে।

Ghagrapar

আল্লিয়া  আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন দাসৰ  সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটোত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক  ধৰ্মেশ্বৰ দাসে।সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক মিলন দাসে আঁঁত ধৰা অভিনন্দন অনুষ্ঠানটো উদ্বোধন কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি কল্প ৰাজবংশীয়ে।অভিনন্দন অনুষ্ঠানটোত  সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয়  কাৰ্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱা,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল প্ৰচাৰক মণিৰাম দাস,আল্লিয়া হাইস্কুলৰ প্ৰধান শিক্ষক ভুুৱনেশ্বৰ নাৰ্জাৰী আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্য কৰি শিক্ষামূলক বক্তব্য প্ৰদান কৰে৷ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ ৩৪ ‍গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্রৰে অভিনন্দন জনায়। উক্ত  অভিনন্দন অনুষ্ঠানতে দুগৰাকী প্ৰধান শিক্ষকক ফুলাম গামোচা আৰু অভিনন্দন  পত্রৰে সৰ্ম্বধনা জনায়।অভিনন্দন অনুষ্ঠানৰ পিছত আবেলি   অনুষ্ঠিত হয় নৱম আল্লিয়া অধিৱেশনৰ  প্ৰতিনিধিও বিষয়বাচনি সভা।প্ৰতিনিধি আৰু বিষয়বাচনি সভাত সভাপতিত্ব কৰে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি  অৰ্জুন দাসে।সভাৰ উদ্দেশ্য  ব্যাখ্যা কৰে সাধাৰণ সম্পাদক  ধৰ্মেশ্বৰ দাসে। প্ৰতিনিধি সভা উদ্বোধন কৰে সদৌ নলবাৰী জিলা  ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক  মিলন দাসে ।    প্ৰতিনিধি সভাও বিষয়বাচনি সভাত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি  উৎপল কলিতা,কল্প ৰাজবংশী,ক্ৰীড়া সম্পাদক কংকন কলিতা,গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সহকাৰী সম্পাদিকা  সাগৰিকা কলিতা  শৈক্ষিক আৰু সাংগঠনিক ভাষণ দিয়ে।উক্ত সভাতে  সাংবাদিক শংকৰ কলিতা আৰু ৰমজান আলীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । প্ৰতিনিধিও বিষয়বাচনি সভাত ধৰ্মেশ্বৰ দাসক সভাপতি,  নিলোৎপল দাসক সাধাৰণ সম্পাদক  হিচাপে লৈ ২৫ জনীয়া নতুন সমিতিখন গঠন কৰে।

Your Comments