হাজোত আধাৰ কাৰ্ডৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী:উপায়ুক্তলৈ 'আছু'ৰ স্মাৰক-পত্ৰ

Hajo

হাজোৰ পৰা কমলাকান্ত দাস:

তীৰ্থনগৰী হাজোৰ বিভিন্ন প্ৰান্তত স্থাপিত আধাৰ কেন্দ্ৰসমূহৰ একাংশ কেন্দ্ৰ সম্প্ৰতি বন্ধ হৈ পৰাৰ লগতে একাংশ আধাৰ কেন্দ্ৰত কাৰ্ড  প্ৰস্তুত কৰাৰ নামত সংঘটিত হৈ আহিছে অবাধ দুৰ্নীতি।এই অভিযোগ হাজো 'আছু'ৰ। বৰ্তমান সময়ত আধাৰ কাৰ্ডখন মূল্যৱান নথি হিচাপে বিবেচিত হোৱাত সচেতন নাগৰিকসকলৰ প্ৰায়ে আধাৰ কাৰ্ড বনাবলৈ আগ্ৰহী হৈ পৰিছে ৷ ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিবলৈ হ'লে আধাৰ কাৰ্ড বাধ্যতামূলক কৰাত সম্প্ৰতি প্ৰতিটো আধাৰ কেন্দ্ৰতে মানুহৰ সমাগম যথেষ্ট বৃদ্ধি পাইছে ৷ প্ৰতিদিনে ক'ভিড প্ৰট'কল নামানি মানুহে আধাৰ কেন্দ্ৰসমূহত পুৱাতে আহি দীঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হৈছে ৷ তেনে সময়তে একাংশ আধাৰ কেন্দ্ৰ বন্ধ কৰি ৰখাৰ লগতে অন্য একাংশ আধাৰ কেন্দ্ৰত প্ৰতিখন আধাৰৰ নামত ১৫০টকাৰ পৰা ৫০০টকা পৰ্যন্ত অবৈধভাৱে ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ তুলিছে আছুৱে। যাৰ ফলত দুখীয়া-নিচলাসকলে ধন দিব নোৱাৰি প্ৰতিদিনে ঘন্টাৰ পিছত ঘন্টা ধৰি বাট চাই আধাৰ কাৰ্ডৰ কাম নকৰাকৈ ঘৰলৈ উভতিব লগা হৈছে ৷ অভিযোগ অনুসৰি, চৰকাৰী নিবিদাৰ ভিত্তিত কামৰূপ জিলাৰ আধাৰ কাৰ্ড কেন্দ্ৰ স্থাপনৰ দায়িত্ব বালাজী নামৰ এটি কোম্পানীক অৰ্পণ কৰিছে। কিন্তু বালাজী কোম্পানীটোৱে হাজোৰ বিভিন্ন এলেকাত আধাৰ কেন্দ্ৰ স্থাপনৰ নামত ধনৰ লেনদেন কৰি একাংশ কেন্দ্ৰ খোলা ৰখাৰ বিপৰীতে অন্য একাংশ কেন্দ্ৰ নানান অজুহাত দেখুৱাই বন্ধ কৰি ৰাখিছে। আধাৰ কেন্দ্ৰ আৰু আধাৰ কাৰ্ডৰ নামত সংঘটিত ব্যাপক দুৰ্নীতি সন্দৰ্ভত এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি প্ৰদানৰ লগতে বন্ধ ৰখা কেন্দ্ৰসমূহ অতি শীঘ্ৰে মুকলি কৰাৰ ব্যৱস্থা কৰিবলৈ হাজো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে কামৰূপ জিলা উপায়ুক্তলৈ বুধবাৰে হাজো আছুৰ সভাপতি নৱজ্যোতি দাস আৰু সাধাৰণ সম্পাদক তপন দাস স্বাক্ষৰিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Your Comments