শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
তলাতল ঘৰৰ চাৰিসীমাৰ ভিতৰত বেদখল উচ্ছেদ কৰাৰ দাবীত বুধবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৰংপুৰ আঞ্চলিকে তলাতল ঘৰৰ প্ৰৱেশদ্বাৰত তলা লগাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
ঐতিহাসিক তলাতল ঘৰৰ চৌহদত গৰু, ছাগলীৰ মুক্ত বিচৰণ হোৱাৰ লগতে পুৰাতত্ব বিভাগৰ অধীনত থকা এই তলাতল ঘৰৰ চৌহদৰ মাটি কিনা-বেচা হোৱাৰ অভিযোগ কৰিছে 'আটাছু'ৱে।
যদি শিৱসাগৰ জিলা প্ৰশাসন তথা পুৰাতত্ব বিভাগে অনতি পলমে এই বেদখল উচ্ছেদ নকৰে,তেন্তে আটাছুৱে নিজাববীয়াকৈ ব্যৱস্থা ল'ব বুলি জানিবলৈ দিয়ে।ইয়াৰ ফলত যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'লে আটাছু দায়ী নহয় বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে।
- Log in to post comments
- 14 views