নৰেন শৰ্মা,বাহাৰঘাট,১০ নৱেম্বৰঃ
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ ৩৫ সংখ্যক অধিৱেশনখন মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে ৰণাকুছিস্থিত শ্বহীদ ভৱনত অনুষ্ঠিত হৈ যায়।এই উপলক্ষে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ব্ৰজেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাখন উদ্বোধন কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে।ভাষণ প্ৰসংগত তেওঁ ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সদস্যকে নিয়মানুৱৰ্তিতা আৰু অধ্যৱসায়ত গুৰুত্ব দিবলৈ আহ্বান জনায়।আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱাই ছাত্ৰ সন্থাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বিশদ বাখ্যা কৰে।সভাত জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদে ভাষণ দি কয় যে আন্দোলন নকৰাকৈ অসমীয়া জাতিটোৱে একো পোৱা নাই।তেওঁ কয় যে অসমৰ জাতিৰ অস্তিত্বৰ সংগ্ৰামত আছুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ ছাত্ৰ সন্থাৰ এটা দীঘলীয়া পৰিক্ৰমা আছে ৷ এজন ভাল ছাত্ৰ হ'বলৈ কঠোৰ অধ্যয়ন কৰিব লাগিব আৰু আৱেগ -অনুভূতিক আনৰ ওচৰত বিক্ৰী নকৰিবলৈ তেওঁ ছাত্ৰ সমাজক আহ্বান জনায় ৷বিষয় বাচনি সভা উদ্বোধন কৰে শজিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই। বিষয় বাচনি সভাত নলবাৰী জিলা ছাত্ৰ সন্থাৰ বহুকেইগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷ বিষয় বাচনি সভাত নয়নজ্যোতি কলিতাক সভাপতি আৰু মুন্না আহমেদক সাধাৰণ সম্পাদকৰূপে লৈ ৪১ জনীয়া নতুন কাৰ্যনিৰ্ব্বাহক সমিতখন গঠন কৰে। ইয়াৰ পূৰ্ব্বে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক ব্ৰজেন কলিতা আৰু নয়নজ্যোতি কলিতাই আৰু ১৩ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে।সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সীমান্ত কলিতাই।
- Log in to post comments
- 27 views