দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৯ নৱেম্বৰঃ
"এখন চৰকাৰে ৰাইজৰ হৃদয় জয় কৰিব লগা হ'লে ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি ৰাইজৰ স্বাৰ্থত দিনে-নিশাই নিষ্ঠাৰে কাম কৰিব লাগিব৷ৰাইজে বুজি পায় চৰকাৰে যদি ভাল কাম কৰে তেতিয়া হ'লে ৰাইজে সহাৰি জনায়৷বেয়া কাম কৰিলে চৰকাৰক তিৰস্কাৰ কৰে ,গৰিহনা দিয়ে৷গতিকে আমি সদায় আান্তৰিকতাৰে কাম কৰি আহিছোঁ৷আমি এনে কোনো কাম কৰা নাই যি কামে অসমীয়া জাতিক দুৰ্বল কৰিব পাৰে৷"
আজি নলবাৰী জিলাৰ বৰনৰ্দী গনেশ দেৱালয়ত অসম দৰ্শন আচনিৰে নিৰ্মিত স্হায়ী মঞ্চৰ শুভ উদ্বোধন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ইয়াৰ পূূৰ্বে মুখ্যমন্ত্ৰীয়ে বৰনৰ্দীৰ পূজাখোলাৰ ৫২০ বছৰীয়া দুৰ্গা মন্দিৰৰ প্ৰাংগণত অসম দৰ্শন আচনিৰ অধীনত নবনিৰ্মিত ৰঙীন পকী পথটোৰ শুভ উদ্বোধন কৰে৷অনুষ্ঠানটোৰ উদ্বোধনী ভাষনত মুখ্যমন্ত্ৰীয়ে কয় যে অসম দৰ্শন আঁঁচনিত ইতিমধ্যে ১০০০ মঠ-মন্দিৰলৈ দহ লাখকৈ অনুদান আগবঢ়োৱা হৈছে৷আৰু ইয়াৰ ব্যৱহাৰ সঠিক হলে পুনৰ ১৫ লাখকৈ দিয়া হব বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ভাষনৰ মাজতে আজি ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰী৷সভাত নলবাৰীয়াসকল শিক্ষাৰ ক্ষেত্ৰত সকলোতকৈ আগবঢ়া বুলি কৈ উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷আজি নলবাৰী জিলাৰ হৰিমন্দিৰ,সৰিয়হতলীৰ দুটা অনুস্হানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,নলবাৰী সমস্তিৰ বিধায়ক অশোক শৰ্মা,বৰক্ষেত্ৰী সমস্তিৰ বিধায়ক নাৰায়ণ ডেকা আদিয়ে। ইয়াৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ঘগ্ৰাপাৰ হাইৱে চ'কৰ পৰা নলবাৰী যুৱ মৰ্চা কাৰ্যকৰ্তা আৰু নলবাৰী বিধায়ক অশোক শৰ্মাই উক্তস্থানত সম্বৰ্ধনা জনোৱা লগতে বৃহৎ বাইক ৰেলীৰে আদৰি নি এক চমক সৃষ্টি কৰে।
- Log in to post comments
- 11 views