*আনোৱাৰ হুছেইন সভাপতি-নৱজ্যোতি কলিতা সাধাৰণ সম্পাদক নিৰ্বাচিত*
#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৮ নৱেম্বৰঃ
অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উনবিংশতম্ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভাখন দেওবাৰে ঘগ্ৰাপাৰ হাইস্কুলত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়।সংগঠনটোৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি ইন্টাজ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক ব্ৰজেন চৌধুৰীয়ে।সভাখন উদ্বোধন কৰি তেওঁ অসমীয়া জাতিয়ে স্বনিয়ন্ত্ৰণৰ অধিকাৰ লাভ কৰাৰ বাবে যুৱ-ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা মাত মাতি অহা বুলি মন্তব্য কৰে।লগতে তেওঁ অসম আৰু অসমীয়াৰ প্ৰতিটো সমস্যাৰ তথা শংকাময় সময়ত যুৱ-ছাত্ৰ পৰিষদে প্ৰাচীৰ হৈ থিয় হৈ থাকি অসম-ভূমিৰ সন্মান অটুট ৰখাৰ বাবে অহৰহ চেষ্টা চলাই অহা বুলি উল্লেখ কৰে।দিনৰ ১১ বজাৰে পৰা অনুষ্ঠিত হোৱা সভাখনত সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টাদ্বয় ক্ৰমে মৃণাল কুমাৰ বৰ্মন আৰু গৌতম কুমাৰ শৰ্মা,সভাপতি মনোৰাম কলিতা,উপ-সভাপতি ছফিকুৰ ৰহমান,সাধাৰণ সম্পাদক নিৰোদ দাস,সহ:সম্পাদক যোগেশ কলিতা,কাৰ্যনিৰ্বাহ সদস্য ছৰিফুল আলীয়ে অংশগ্ৰহণ কৰি যুৱ-ছাত্র পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বিশদ আলোচনা আগবঢ়ায়।
সভাখনত আমন্ত্ৰিত অতিথি সাংবাদিক তপন দাস,শ্বাহ আলম আহমেদ,জগত তালুকদাৰ, আৰু দ্বিজেন ডেকা আদিক সংগঠনটোৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত আগন্তুক কাৰ্যকালৰ বাবে আনোৱাৰ হুছেইনক সভাপতি আৰু নৱজ্যোতি কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ যুৱ-ছাত্ৰ পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিখন গঠন কৰা হয়। প্ৰতিনিধি সভাৰ পূৰ্বে পতাকা উত্তোলন কৰে ইন্টাজ হুছেইনে আৰু শ্বহীদ তৰ্পণ কৰে কিশোৰ বৈশ্যই।
- Log in to post comments
- 20 views