ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাই ৮ নৱেম্বৰত দিনৰ ১১ বজাত নীলপুৰ চ'কত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত আলু,পিয়াঁঁজ আদি খাদ্য সামগ্ৰী সন্মুখত ৰাখি থাল-বাতি বজাই যোগান মন্ত্রীৰ প্ৰতিমূৰ্ত্তি দাহ কৰে।
প্ৰতিবাদকাৰীসকলে যোগান মন্ত্রী হায় হায় , অসম চৰকাৰ হায় হায়,মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগান দি আকাশ-বতাহ কঁপাই তোলে ।পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অমৰজ্যোতি দাসৰ নেতৃত্বত হোৱা প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য ৰঞ্জিত শৰ্মা উপস্থিত থাকি প্ৰতিবাদী ভাষণ প্ৰদান কৰে।উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সহ:সম্পাদক শংকৰ কলিতা,সাংগঠনিক সম্পাদক ধনজিত কলিতাকে ধৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসহ প্ৰায় অৰ্ধশতাধিক প্ৰতিবাদকাৰী উপস্থিত থাকে।
- Log in to post comments
- 8 views