দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সঠামৌ গাঁঁও নিবাসী তথা নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰতিভাৱান ভলীবল খেলুৱৈ হীৰক কলিতাৰ ৩১ অক্টোবৰত অৰুণাচলত মটৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত ৬ নৱেম্বৰত নলবাৰী ক্ৰীড়া সন্থাৰ এটি দলে পৰিয়ালটোৰ ওচৰত শোকবাৰ্তা লৈ উপস্হিত হয়।ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ কৰুণা বৰ্মন,দেৱজিৎ ডেকা ক্ৰীড়া সংগঠক দিলীপ মেধি,দীপক দাস, নুৰুল আলমে পৰিয়ালটোক শোকবাৰ্তা প্ৰদান কৰাৰ লগতে সম্পাদক তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ মনোজ কুমাৰ চৌধুৰীয়ে পৰিয়ালক ৫০০০ হাজাৰ টকা প্ৰদান কৰে।উল্লেখ্য যে এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ পৰিয়ালক চৰকাৰৰ কোনো আচঁনিয়ে ঢুকি নোপোৱাত দলটো মৰ্মাহত হৈ পৰে।লগতে তেওঁলোকে চৰকাৰ আৰু জনপ্ৰতিনিধিক পৰিয়ালটোক বিনামূলীয়া বাসগৃহ,বিদ্যুৎ,ৰন্ধন গেছৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায়।
- Log in to post comments
- 8 views