বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান-বাৰ্ষিক অধিৱেশন সম্পন্ন

Ghagrapar

*শিক্ষাৰ্থীৰ মনত শক্তি-উদ‍্যম থাকিলে কোনোও সপোন ভাঙিবলৈ নোৱাৰে*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৭ নৱেম্বৰঃ

"ছাত্ৰ -ছাত্ৰীসকলৰ মনত শক্তি আৰু উদ‍্যম থাকিলে তেওঁলোকৰ সপোন কোনেও ভাঙিব নোৱাৰে।ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ একাগ্ৰতাৰ প্ৰয়োজন আছে।"এই মন্তব্য গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ‍্যাপক চম্পক গোস্বামীৰ।আজি বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ ঊনবিংশতিতম্ বাৰ্ষিক অধিৱেশন
আৰু বিশেষ অভিনন্দন অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদগৰাকীয়ে অংশগ্ৰহণ কৰি ছাত্ৰ -ছাত্ৰীসকলক উদ্দেশ্য কৰি কোনো বিপদ আৰু আৱেগে অসমীয়া ছাত্ৰসমাজক কাহানিও ধ্বংস কৰিবলৈ নোৱাৰে বুলি মন্তব্য কৰে।শিক্ষাবিদগৰাকীয়ে নিজ ভাষণত একাংশ অসমীয়াই বিশ্বৰ দৰবাৰত উজলি আহিছে বুলি মন্তব্য কৰি হিমা দাস,ৰীমা দাস আদি অসমীয়াৰ গৌৰৱ বুলিও আঙুলিয়াই দিয়ে।আজি দিনৰ ১২ বজাত বৰাজোল হাইস্কুল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আজিজুল ইছলামে সভাপতিত্ব কৰে। সভাখনৰ আঁত ধৰে নলবাৰী জিলা ছাত্র সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদ আৰু ক্ৰীড়া সম্পাদক কংকন কলিতাই৷সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নিজ ভাষণত কৃৃতী ছাত্র-ছাত্ৰীসকলক  উদ্দেশ্য কৰি শুভেচ্ছামুলক বক্তব্য দিয়াৰ লগতে কৃতীমান শিক্ষাৰ্থীসকলক ভৱিষ্যতে জাতি আৰু দেশৰ হিতৰ বাবে  কাম কৰিবলৈ আহ্বান জনায়।

Ghagrapar

সভাত সদৌ অসম  ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মনে  ভাষণত কয় যে তলাবন্ধৰ সময়ত সাধাৰণ শ্ৰেণীৰ ৰাইজ জুৰুলা হোৱাৰ সমান্তৰালভাৱে ৰাজ‍্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়ণত ভীষণ ক্ষতিগ্ৰস্ত হোৱা বুলি মন্তব্য কৰি কৃতীমান শিক্ষাৰ্থীসকলক ভৱিষ্যতে এডাল বৃক্ষৰ দৰে হৈ থাকিবলৈ আহ্বান জনায়।সভাত বৰাজোলৰ হাইস্কুল প্ৰধান শিক্ষক ৰমণী  কুমাৰ দাসে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্য কৰি শিক্ষামূলক বক্তব্য প্ৰদান কৰে৷বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক জীৱনজ‍্যোতি ডেকাই উদ্দেশ্য ব্যখ্যা কৰা সভাত অঞ্চলটোৰ ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা,কলম আৰু মানপত্ৰ আদিৰে অভিনন্দন জনায়।সভাখনৰ উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰনেতা ৰাতুল চন্দ্ৰ ডেকাই।ইফালে আজি আবেলি অনুষ্ঠিত প্ৰতিনিধি সভাখনত আগন্তুক কাৰ্যকালৰ বাবে জীৱনজ‍্যোতি ডেকাক সভাপতি আৰু আতিকুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে  লৈ বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন কৰা হয়।

Your Comments