হাজোত 'নিচামুক্ত ভাৰত' গঢ়াৰ সংকল্পৰে সজাগতা সভা

Hajo

হাজোৰ পৰা কমলাকান্ত দাস:               

সম্প্ৰতি সমগ্ৰ দেশতে ভয়াৱহভাৱে গঢ়ি উঠা ড্ৰাগছ,মদ,জুৱা আসক্তি আৰু অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো সমাজ কল্যাণ বিভাগে 'নিচামুক্ত ভাৰত' গঢ়াৰ সংকল্প গ্ৰহণ কৰিছে।ইয়াৰ অংশ হিচাপে শনিবাৰে হাজোৰ সাতডলা এমই স্কুল প্ৰাঙ্গণত এখন সজাগতা সভা অনুষ্ঠিত কৰে।কামৰূপ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত হাজো সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ সহযোগত অনুষ্ঠিত সজাগতা সভাত উপস্থিত থাকি কামৰূপৰ অতিৰিক্ত উপায়ুক্ত কান্তা দাসে ভাষণ প্ৰসংগত কয়-"বৰ্তমান সমাজখনক ড্ৰাগছৰ দৰে কিছুমান অসামাজিক কাৰ্যই আগুৰি ধৰিছে।এইবোৰৰ পৰা ৰক্ষা পাবলৈ হ'লে প্ৰত্যেকগৰাকী অভিভাৱকে নিজৰ ঘৰখনৰ লগতে নিজৰ সন্তানৰ ওপৰত নজৰ ৰাখক আৰু সকলোৰে প্ৰতি সদভাৱ জগাই তুলি নিজক চিনিবলৈ যত্ন কৰক।"তিলক চন্দ্ৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে মদ-জুৱা অথবা ড্ৰাগছ নিৰ্মূল কৰিবলৈ হ'লে চুবুৰীয়ে চুবুৰীয়ে মহিলাসকলক লৈ একো -একোখন কমিটী গঠন কৰি ভৱিষ্যত প্ৰজন্মক আগুৱাই যোৱাত সহায় কৰিবলৈ আহ্বান জনায়।সভাত কামৰূপ জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মা উপস্থিত থাকি এই অসামাজিক কাৰ্যকলাপৰ বিৰূদ্ধে ৰাইজক গণ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। সভাত উপস্থিত থাকি ৩ নং পঞ্চতীৰ্থ জিলা সদস্য বিপুল দাস,হাজো সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ড°চৈয়দ নাচিউৰ ৰহমান, হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল মেধি, আছু নেতা নৱজ্যোতি দাস,সিদ্ধাৰ্থ প্ৰতিম দত্ত,মেঘালী দাস আৰু ২ নং হাজো গাঁও পঞ্চায়তৰ সভানেত্ৰী তিলোমা মেধিয়ে অকল ড্ৰাগছ,মদ জুৱাই নহয় বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত সজাগ ৰাইজক সজাগ হৈ থকাৰ বাবে আহ্বান জনোৱাৰ লগতে আৰক্ষী প্ৰশাসনৰ লগতো সঘন যোগাযোগ ৰাখিবলৈ আহ্বান জনায়।অঞ্চলটোৰ দুই শতাধিক পুৰুষ-মহিলা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থকা এই সভাতে ৰাজইৰ তৰফৰ পৰা কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ড্ৰাগছ,মদ,জুৱাৰ বিৰুদ্ধে ৰাইজৰ লগতে আৰক্ষী প্ৰশাসনক কঠোৰ হ'বলৈ আহ্বান জনায়।

Your Comments