বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:
অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে চলোৱা ঐতিহাসিক আন্দোলনৰ কাৰ্যসূচীত প্ৰাণ আহুতি দিয়া প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আৱক্ষ মূৰ্তি ভৱানীপুৰত শুকুৰবাৰে উন্মোচন কৰা হয়।গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আৱক্ষ মূৰ্তিটো উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে দীপাংক কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈয়ে ৷ অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলে যি মৰ্যাদা পাব লাগিছিল,চৰকাৰে সেই মৰ্যদা দিয়া নাই বুলি মন্তব্য কৰে 'আছু'ৰ নেতা দুগৰাকীয়ে ৷ অসম আন্দোলনত মুঠ ৮৬০ গৰাকী শ্বহীদ হোৱা বুলি মন্তব্য কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ৷
শ্বহীদৰ ত্যাগক অথলে যাবলৈ নিদিয়ে বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক লুুৰিণজ্যোতি গগৈয়ে ৷ 'কা' আন্দোলনতো শ্বহীদ হোৱাসকলৰ প্ৰতিও শ্ৰদ্ধা জনায় আছুৱে।উক্ত কাৰ্যসূচীত ভৱানীপুৰ অঞ্চলৰ লগতে বৰপেটা জিলাৰ বিভিন্ন সংগঠনৰ সদস্য তথা ৰাইজ উপস্থিত থাকে।
- Log in to post comments
- 9 views