অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ মূল‍্যবৃদ্ধি ৰোধৰ দাবীৰে শিৱসাগৰত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Sangrami

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

বিজেপি নেতৃত্বাধীন চৰকাৰখনে অত্যাৱশ্যকীয় মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবে বুধবাৰে সংগঠনটোৱে  শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দ'লমুখ চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধাৰীৰ প্ৰতিকৃতি দাহকৰি প্ৰতিবাদ সাব্যস্ত কৰে।     

প্ৰতিবাদস্থলীত সংগঠটোৰ নেতা-কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 

বিজেপি চৰকাৰে মূল্যবৃদ্ধিক মূল ইছ্যুু হিচাপে লৈ চৰকাৰ গঠন কৰাৰ পিছত বৰ্তমান ক'ৰনা মহামাৰীৰ সময়ত নিত‍্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে ৰাইজক একপ্ৰকাৰে কোঙা কৰি পেলাইছে।

অসম চৰকাৰৰ বৰ্তমানৰ যোগান মন্ত্ৰীজনৰ এখন পঞ্চায়ত চলোৱাৰ যোগ্যতা নাই বুলি কয় প্ৰতিবাদকাৰীয়ে।

সংগঠনটোৱে অতি শীঘ্ৰে যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবী তোলাৰ লগতে চৰকাৰে যদি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ নোৱাৰে, তেন্তে অহা '২১ৰ নিৰ্বাচনত বিজেপি চৰকাৰক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি স্পষ্ট কৰি দিয়ে।

Your Comments