#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩ নৱেম্বৰঃ
নলবাৰী জিলাৰ উচ্চ ,উচ্চতৰ মাধ্যমিক তথা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰধানসকলৰ এখন গুৰুত্বপূৰ্ণ সভা ২ নৱেম্বৰত নলবাৰী জিলাৰ এখন আগশাৰীৰ বিদ্যালয় বনভাগ খাতা দিহজাৰী হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হয়।বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহেশ্বৰ বৰ্মাৰ আমন্ত্ৰণত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনৰ সঞ্চালনা কৰে নলবাৰী জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মনে।সভাখনত ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি খোলা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ কৰণীয় দায়িত্ব সম্পৰ্কে বিতংকৈ আলোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।সভাখনত ৰাজ্যিক কৃতী শিক্ষকৰ বঁঁটাপ্ৰাপক ভগৱান চন্দ্ৰ বৰ্মন আৰু বনভাগ খাতা দিহজাৰী হাইস্কুলৰ প্ৰধান শিক্ষক মহেশ্বৰ বৰ্মাক একোখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।জিলাখনৰ প্ৰায় ডেৰ শতাধিক প্ৰধান শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত অসম হাইস্কুল শিক্ষক সন্থাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক উমেশ চন্দ্ৰ দাস,নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্ত , নলবাৰী জিলা অধ্যক্ষ পৰিষদৰ সভাপতি নৱকুমাৰ শৰ্মা,অসম জ্যেষ্ঠ মাধ্যমিক শিক্ষক সংস্থাৰ সভাপতি যোগেন্দ্ৰ নাথ কলিতা , নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি অমল কুমাৰ দাস,নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ পত্রিকা সম্পাদক জিন্টুমণি শৰ্মা উপস্থিত থাকি ভাষণ প্ৰদান কৰে।
- Log in to post comments
- 15 views