নলবাৰীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

AJYCP

*জাতিধংসী নাগৰিকত্ব আইন আৰু 'ইআইএ' বাতিল কৰিবলৈ চৰকাৰক কঠোৰ সকীয়নি*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩ নৱেম্বৰঃ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে মঙলবাৰে নলবাৰীতো যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে চহৰৰ জৈন মন্দিৰ চ'কত জাতিধংসী নাগৰিকত্ব আইন আৰু 'ইআইএ' বাতিল কৰি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়।উক্ত কাৰ্যসুচীত পৰিষদৰ কৰ্মীসকলে 'কা' আমি নামানো,'কা' অতিশীঘ্ৰে বাতিল কৰক,'ইআইএ' বাতিল কৰক আদি শ্লোগানেৰে নলবাৰী চহৰ উত্তাল কৰি তোলে।উক্ত কাৰ্যসূচীৰ বাবে চহৰৰ মূল পথটোত তীব্ৰ যান-যঁটৰ সৃষ্টি হয়।

Your Comments