ৰামদিয়াৰ নতুন ধাকুৰাপাৰাত হনুমান মন্দিৰৰ দ্বাৰ উদঘাটন:মূৰ্তি স্থাপন

Ramdiya

হাজোৰ পৰা কমলাকান্ত দাস:                         

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়া উজানকুৰিৰ নতুন ধাকুৰাপাৰা হনুমান মন্দিৰত মঙলবাৰে মাংগলিক অনুষ্ঠানৰ মাজেৰে মূৰ্তি স্থাপন কৰাৰ লগতে মন্দিৰৰ দ্বাৰ উদঘাটন কৰা হয়।কাৰ্যসূচী অনুসৰি পুৱা চাফাই অভিযানৰ পাছতে দহ বজাত মন্দিৰৰ দ্বাৰ আৰু ধৰ্মধ্বজা উত্তোলন কৰে ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাসে।ইয়াৰ পিছতে মন্দিৰ চৌহদত গছ পুলি ৰোপন কৰে ক্ৰমে শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ সভাপতি তৌফিক ৰহমান,হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী ডেকা পাঠক আৰু অৱসৰী শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী গণেশ ঠাকুৰীয়াই।দিনৰ এঘাৰ বজাত হনুমানৰ মূৰ্তি লৈ উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সম্পাদক নিবাৰণ লহকৰে।শোভাযাত্ৰা উদ্বোধন কৰি লহকৰে কয় সত্ৰ নগৰী ৰামদিয়াত বহুত মঠ- মন্দিৰ আছে যদিও অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজে এটা হনুমান মন্দিৰৰ অভাৱ অনুভৱ কৰিছিল।এতিয়াৰ পৰা ৰামদিয়াৰ লগতে নিকটৱৰ্ত্তী অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজে  ইয়াতে চাকি-বন্তি,শৰাই আগবঢ়াই ৰাম ভক্ত জয় হনুমানৰ আৰধনা কৰিব পাৰিব।বিয়লি ১ বজাত সম্পূৰ্ণ বৈদিক ৰীতি-নীতি,পুৰোহিতৰ মন্ত্ৰ,শ্লোক,আয়তীৰ উৰুলিৰ মাজেৰে মাংগলিক অনুষ্ঠানত মন্দিৰত হনুমানৰ মূৰ্তি স্থাপন কৰে বিজেপিৰ ৰাজ্যিক সদস্য ৰাতুল শৰ্মাই।ইয়াৰ পিছতে পূজা-অৰ্চনা আৰু হোম -যজ্ঞ অনুষ্ঠিত কৰা হয়।বিয়লি আইসকলৰ নাম-প্ৰসঙ্গ আৰু সন্ধিয়া বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Your Comments