হাজোৰ পৰা কমলাকান্ত দাস:
সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্হায়ী কৰ্মচাৰী পৰিষদৰ হাজো আঞ্চলিক কমিটীৰ এখন সভা সোমবাৰে অনুষ্ঠিত কৰা হয়।বিগত ১০-১৫ বছৰে জন স্বাস্থ্য বিভাগত হাজাৰ- হাজাৰ কৰ্মচাৰীয়ে বিনা বেতনে কাম কৰি আছে।যোৱা ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই আশ্বাস
প্ৰদান কৰিছিল।কিন্তু আজিলৈকে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।তাৰেই পৰিপ্ৰেক্ষিতত হাজো সমষ্টিৰ অস্হায়ী কৰ্মচাৰী পৰিষদে সোমবাৰে এখন সভা অনুষ্ঠিত কৰে।পৰৱৰ্তী সময়ত চৰকাৰৰ বিৰুদ্ধে সন্থাই জংগী আন্দোলন গঢ়ি তুলিব বুলি হুমকি দিয়ে।সভাত হাজো সমষ্টিৰ কৰ্মচাৰী পৰিষদৰ সভাপতি ছাহেদ আলী, সম্পাদক ৰফিক আলী,সদৌ অসম অস্হায়ী কৰ্মচাৰী পৰিষদৰ সভাপতি হৰকান্ত দাস,উপ-সভাপতি ভূপেন ভূঞা,সম্পাদক উৎপল গোস্বামীৰ লগতে শতাধিক কৰ্মচাৰী উপস্থিত থাকে।
- Log in to post comments
- 12 views