প্ৰথমবাৰৰ বাবে অসমৰ ভলীবল  প্ৰতিযোগিতাত ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ 

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

'ক্ৰীড়াৰে চৰিত্ৰ গঠন,চৰিত্ৰৱান মানুহেৰে সমাজ নিৰ্মাণ' এই উদ্যেশ্য আগত ৰাখি নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁও, ওৱাৰ্ডসমূহৰ মাজত অহা জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত এখন প্ৰাইজমানী দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উক্ত প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ-৩ লাখ আৰু দ্বিতীয় পুৰস্কাৰ-২ লাখ  টকা নিৰ্ধাৰণ কৰা হৈছে। এই কথা ১ নৱেম্বৰৰ বিয়লি ৩ বজাত দুৰ্গা মন্দিৰত অনুষ্ঠিত হোৱা খেলৰ সামগ্ৰী বিতৰণী অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ঘোষণা কৰে। নলবাৰী সমষ্টিৰ ৭০টা ক্লাব-সংঘসমূহৰ মাজত ফুটবল, ভলীবল, নেট, কেৰম, জাৰ্চী ইত্যাদি ক্ৰীড়া সামগ্ৰী বিতৰন কৰে। ইতিমধ্যে বিধায়কগৰাকীয়ে খেল আৰু খেলুৱৈৰ বহুদিনীয়া অভাৱ দূৰ কৰাৰ বাবে নৰ্থ কামৰূপ ষ্টেডিয়ামত ইন্দোৰ হ'ল, অত্যাধুনিক চুইমিং পোল, সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত পেভেলিয়ন, গ্ৰীণ গেলাৰী, আৰ্ট ফিলিং, ফেন্সিং আদিৰ কাম অতি ক্ষিপ্ৰতাৰে কৰি থকা পৰিলক্ষিত হৈছে। অহা ডিচেম্বৰত ক্ৰীড়া প্ৰকল্পৰ কামখিনি শেষ কৰি জানুৱাৰীত ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব। উক্ত প্ৰতিযোগিতাত কেৱল মাত্ৰ নিজ-নিজ গাঁঁৱৰ বা নিজ নিজ ৱাৰ্ডৰ খেলুৱৈৰ দ্বাৰাইহে অংশগ্ৰহণ কৰিব পাৰিব। ইখন গাঁঁৱৰ খেলুৱৈয়ে সিখন গাঁঁৱৰ হৈ খেলিব নোৱাৰিব। ৱাৰ্ডৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য হ'ব। খেলুৱৈসকলে নিজ নিজ গাঁঁৱৰ গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ লৈ আহিব লাগে। উক্ত প্ৰতিযোগিতাত ১৯০ খন গাওঁ আৰু ১২টা ওৱাৰ্ডৰ মাজত অনুষ্ঠিত হ'ব। নক-আউট পদ্ধতিৰে ৩ দিন ধৰি দিনে-নিশাই চলিবলগীয়া প্ৰতিযোগিতাখন ৮ খন ভলীবল কোৰ্টত কৰা হ'ব। প্ৰতিযোগিতাখনত যোগদানৰ শেষ তাৰিখ ৩১ ডিচেম্বৰ ঘোষণা কৰা হৈছে। নলবাৰীত ক্ৰীড়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈ ক্ৰীড়া ক্ষেত্ৰক অধিক আগবঢ়াই নিবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰখা কাৰ্যক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে ভলীবল প্ৰতিযোগিতাৰ জড়িয়তে গ্ৰামাঞ্চল তথা ৱাৰ্ডসমূহত ভলীবলৰ বহল আৰু সূদৃঢ় ভেটি নিৰ্মাণ কৰাৰ লগতে সুস্থ শৰীৰ, সুস্থ মন, সুস্থ চিন্তা-চৰ্চাৰে সজাগতা সৃষ্টি কৰি সমাজত ঐক্য, সংহতি, সম্প্ৰীতি, ভাতৃত্ববোধ গঢ়ি তোলাই এই প্ৰতিযোগিতাৰ লক্ষ্য আৰু উদ্যেশ্য।

Your Comments