মৃণাল ডেকা,শুৱালকুছি,২ নৱেম্বৰ:
আজিৰ সমাজত নিজৰ বৃদ্ধ পিতৃ-মাতৃ একাংশ সন্তানৰ বাবে সহিব নোৱাৰা বোজা হৈ পৰে ৷ যাৰ ফলত দিনক দিনে চহৰ-নগৰত বৃদ্ধি পাবলৈ ধৰিছে বৃদ্ধাশ্ৰম ৷ কিন্তু তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা যায় বস্ত্ৰ নগৰী শুৱালকুছিৰ বাথানত ৷ বাথানৰ এগৰাকী ১০৬ বছৰীয়া আদৰ্শ কৃষক কালীচৰণ দাসৰ ১০৬ সংখ্যক জন্ম দিনত পৰিয়ালৰ লগতে গাওঁবাসীয়ে উদযাপন কৰে মহা ধুমধামেৰে।গাওঁবাসী তথা পৰিয়ালৰ লোকে বিভিন্ন কাৰ্যসূচীৰে অঞ্চলবাসীৰ বাবে আজিও দুৰন্ত তৰুণ কালীচৰণ দাসৰ জন্ম দিনত উপস্থিত থাকি গাওঁবাসীয়ে গামোচাফুলৰ থোপাৰ লগতে বিভিন্ন উপহাৰেৰে শুভেচ্ছা জনায়।
জীৱনত প্ৰথমবাৰৰ বাবে কেক কাটি অভিভূত হৈ পৰে দুৰন্ত তৰুণ কালীচৰণ দাস।যি সময়ত নিজৰ বৃদ্ধ পিতৃ-মাতৃক নিৰ্যাতন চলাই পুত্ৰ - বোৱাৰী পৰিয়ালে বৃদ্ধাশ্ৰমত থৈ আহে,তেনে সময়তে বস্ত্ৰ নগৰী শুৱালকুছিৰ বাথানৰ আদৰ্শ কৃষক কালীচৰণ দাসৰ ১০৬ সংখ্যক জন্ম দিন উদযাপন কৰি সমাজলৈ শুভবাৰ্তা কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে কালীচৰণ দাসৰ ছয় গৰাকী জী-জোৱাই,একমাত্ৰ পুত্ৰ- বোৱাৰীসহ নাতি-নাতিনীৰ সৈতে এটি সুখী পৰিয়াল আছে।
- Log in to post comments
- 36 views