দমদমাত চি আই টি ইউৰ অভিৱৰ্তন সম্পন্ন:প্ৰতিবাদী শোভাযাত্ৰাৰে উত্তাল ৰাজপথ

Damdama

হাজোৰ পৰা কমলাকান্ত দাস:

দেশৰ দহোটাকৈ সৰ্বভাৰতীয় শ্ৰমিক সংগঠন আৰু কৰ্মচাৰী ফেডাৰেশ্যনে আহবান জনোৱা দেশজোৰা সাধাৰণ ধৰ্মঘটৰ প্ৰতি লক্ষ্য ৰাখি চি আই টি ইউৰ হাজো-দমদমা অঞ্চলৰ নিৰ্মাণ শ্ৰমিক,কাৰখানা শ্ৰমিক আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উপস্থিতিত দেওবাৰে হাজোৰ উচ্চ শিক্ষাৰ অনুুুষ্ঠান দমদমা মহাবিদ্যালয়ত অনুষ্ঠিত কৰে এখন অভিৱৰ্তন।মজ্জাফৰ আলী,কল্পনা তালুকদাৰ আৰু ছাহজাহান আলীৰ দ্বাৰা পৰিচালিত অভিৱৰ্তনত বিষয়বস্তু উত্থাপন কৰি কয় যে, বি জে পি চৰকাৰে জনগণৰ সমস্যাৰ সমাধানত সৰ্বদিশতে ব্যৰ্থ হৈছে। শ্ৰম আইনসমূহ সংস্কাৰ কৰি শ্ৰমিক শ্ৰেণীৰ ওপৰত আক্ৰমণ কেন্দ্ৰীভূত কৰিছে। দেশৰ ৰাজহুৱা সম্পদসমূহ দেশী বিদেশী পুঁজিপতিৰ হাতত পানীৰ দৰত বিক্ৰী কৰি দিয়াৰ ফলত দেশৰ অৰ্থনীতি ভাগি পৰিছে। কৃষি আইন সংশোধন কৰি কৃষকৰ ওপৰত অভূতপূৰ্ব আক্ৰমণ নমাই আনিছে।মূল্যবৃদ্ধিয়ে গৰীব মানুহৰ ৰাজহাড় বেকা কৰি দিছে। দুৰ্নীতিয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰকো অতিক্ৰম কৰিছে।এই অভিৱৰ্তনত চি আই টি ইউৰ উপ-সভাপতি বীৰেন শৰ্মাই বৰ্তমানৰ চৰকাৰক তীব্ৰ আক্ৰমণ কৰি বক্তব্য প্ৰদান কৰে।অংগনবাড়ী কৰ্মী-সহায়িকা ইউনিয়নৰ ৰাজ্যিক সম্পাদিকা ইন্দ্ৰা নেৱাৰে অভিৱৰ্তনত বক্তব্য প্ৰদান কৰে।অভিৱৰ্তনত বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে অহা ২৪ নৱেম্বৰত দমদমাৰ পৰা হাজোৰ পোৱামক্কালৈ ২৬ নৱেম্বৰৰ সৰ্বভাৰতীয় ধৰ্মঘট সফল কৰাৰ দাবীত এক শোভাযাত্ৰা কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে । সভাপতি মণ্ডলীৰ হৈ চি আই টি ইউৰ কামৰূপ জিলা সম্পাদক মজ্জাফৰ আলীয়ে ধৰ্মঘট সফল কৰাৰ বাবে হাজো অঞ্চলৰ গাঁঁৱে-গাঁঁৱে ব্যাপক প্ৰচাৰ কৰাৰ বাবে আহ্বান জনায়। অভিৱৰ্তনৰ অন্তত প্ৰায় দুই শতাধিক শ্ৰমিক-কৰ্মচাৰীয়ে দমদমা মহাবিদ্যালয়ৰ পৰা চেঁচামুখলৈ এটা প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰমিক নেতা ৰমেন ডেকাই।

Your Comments