শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই,১ নৱেম্বৰ:
দেওবাৰৰ দিনটোত ৰাজ্যৰ ১১৯ খন চাহ বাগিছাত নিৰ্মাণ-কাৰ্যৰ আৰম্ভণি কৰা হয় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ।আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ অংশ হিচাপে নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খনৰ আজি নিৰ্মাণকাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যৰ চাহ বাগিছাসমূহত প্ৰতিখন বিদ্যালয়ৰ বাবে আৰ্থিক পুঁঁজিৰ পৰিমাণ হ'ল এক কোটি ঊনৈশ লাখ পয়সত্তৰ হাজাৰ।অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হ'ব চাহ বাগিছাৰ এই সমূহ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়।
পূৰ্বৰ ষাঠি বছৰৰো অধিক কাল কংগ্ৰেছ চৰকাৰে চাহ শ্ৰমিক সকলৰ পুত্ৰ-কন্যা সন্তানৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰি কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি তেওঁলোকক বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে বুলি মন্তব্য প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।পৰৰ্ৱতী পৰ্যায়ত মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 12 views