ঘগ্ৰাপাৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সজাগতা সভা:ৰাজ‍্য চৰকাৰৰ প্ৰতিটো বিভাগত ৪ শতাংশ নিযুক্তি দিয়াৰ দাবী 

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১ নৱেম্বৰঃ

প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ,নলবাৰী জিলা শাখাৰ উদ‍্যোগত আজি ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলত এখন সজাগতা সভা অনুষ্ঠিত হৈ য়ায়।সমাজকৰ্মী তথা প্ৰতিবন্ধী কেশৱ মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে নলবাৰী জিলা দৃষ্টিহীন সংস্থাৰ সম্পাদক প্ৰণৱ বেজবৰুৱাই।সভাত প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসমৰ সাধাৰণ সম্পাদক তথা অধিবক্তা নৃপেন মালাকৰে অংশগ্ৰহণ কৰি প্ৰতিবন্ধীসকলক চৰকাৰে বিভিন্ন অভিলাষী আঁচনিকে ধৰি নিযুক্তিৰ ক্ষেত্ৰত শোষণ তথা বঞ্চিত কৰি অহা বুলি আঙুলিয়াই দিয়ে।নিজ ভাষণত প্ৰতিবন্ধী  নেতাগৰাকীয়ে ৰাজ‍্যত ন লাখ প্ৰতিবন্ধী থকা বুলি উল্লেখ কৰি আৰ পি টি এক্টৰ অধীনত প্ৰতিটো বিভাগতে ৪ শতাংশ প্ৰতিবন্ধীক নিয়ুক্তি দিবলৈ দাবী জনায়।উক্ত সভাতে প্ৰতিবন্ধীসকলৰ দৈনন্দিন জীৱনত ঘটি অহা সমস্যাৰাজিৰ সমাধানৰ অৰ্থে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।উক্ত সভাত ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক মনহৰি কলিতা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰী বিনীতা মজুমদাৰকে ধৰি প্ৰতিবন্ধী সংস্থাৰ কেইবাগৰাকী ব‍্যক্তিয়ে ভাষণ প্ৰদান কৰে।সভাত জিলাখনৰ লগতে ঘগ্ৰাপাৰ অঞ্চলৰ প্ৰায় শতাধিক প্ৰতিবন্ধীয়ে অংশগ্ৰহণ কৰে।

Your Comments