ঘগ্ৰাপাৰত প্ৰয়াত কালীচৰণ দাস সোঁৱৰণী চলন্ত ট্ৰফী গ্ৰাম্য ফুটবল প্ৰতিযোগিতা আৰম্ভ 

Football Tournament

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২০ অক্টোবৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হাইস্কুলৰ খেলপথাৰত ক’ৰ'না ভাইৰাছৰ সকলো নীতি -নিয়ম মানি কিছু অনুষ্টুপীয়াকৈ এইবেলি গুডমৰ্ণিং ক্লাবৰ উদ্যোগত প্ৰয়াত কালীচৰণ দাস সোঁৱৰণী প্ৰাইজমানি চলন্ত ট্ৰফী গ্ৰাম্য ফুটবল প্ৰতিযোগিতাখন মঙলবাৰে আৰম্ভ হয়।মহাবাহু ফুটবল দল দলুৱা আৰু ঘগ্ৰাপাৰ ক’চ্চিং চেন্টাৰৰ মাজত আনুষ্ঠিত আজিৰ খেলখন উদ্বোধন কৰে বিজেপি নেতা তথা বিশিষ্ট ব্যৱসায়ী ৰুবু দত্তই ৷

Nalbari

অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়া সংগঠক দীপক কুমাৰ দাস, সমাজকৰ্মী চামচুল হক চৌধুৰী,ঘগ্ৰাপাৰ পঞ্চায়ত সভাপতি ৰাতুল শৰ্মা,ঘগ্ৰাপাৰ ক্ৰীড়া সন্থাৰ সভাপতি তফিকুৰ ৰহমান,সম্পাদক বাপক দাস আদিয়ে ৷  আজিৰ উদ্বোধনী খেলখনত মহাবাহু ফুটবল দল দলুৱাক  ২ - ১ গ’লত পৰাস্ত কৰি ঘগ্ৰাপাৰ ক’চ্চিং চেন্টাৰে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ৷ খেলখন পৰিচালনা কৰে নৱ কলিতাই ৷ তেওঁক লাইনত সহায় কৰে জিতু আলী আৰু ইন্দ্ৰজিত কলিতাই ৷ ২১ অক্টোবৰত আয়োজিত হ'ব লগা খেলখন বড়িদতৰা এফ চি আৰু বৰাজোল ফুটবল দলৰ মাজত অনুষ্ঠিত হ'ব বুলি গুডমৰ্ণিং ক্লাৱৰ সভাপতি সঞ্জীৱ দাস আৰু সম্পাদক নিপুজিত শৰ্মাই জানিবলৈ দিয়ে ৷

Your Comments