শিৱসাগৰত চিপিআই আৰু নিখিল ভাৰত কৃষক সভাৰ দাবী দিৱস পালন

Sibsagar Protest

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

সমগ্ৰ ৰাজ্যখনৰ লগতে শিৱসাগৰতো বুধবাৰে চিপিআই আৰু নিখিল ভাৰত কৃষক সভাৰ আহ্বানত কেইবাটাও জনস্বাৰ্থজনিত দাবীত দাবী দিৱস পালন কৰা হয়।শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চিপিআই আৰু কৃষক সভাৰ কৰ্মকৰ্তাসকলে  তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি ১২ দফীয়া দাবী চনদৰ স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। অৱস্থানস্থলীত অংশগ্ৰহণ কৰি চিপিআইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে চৰকাৰক চোকা সমালোচনা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ক’লৈ গ’ল দুৰ্নীতিমুক্ত অসমৰ শ্ল’গান,এছআই নিযুক্তি কেলেংকাৰী সংঘটিত কৰা,পঞ্চায়ত আৰু গ্ৰামোন্নয়নত হোৱাৰ কেলেংকাৰী,ঠিকা আৱণ্টনত হোৱা কেলেংকাৰী,ক’ৰ'নাত সংঘটিত হোৱা কেলেংকাৰীয়ে তেওঁলোকৰ এই শ্ল’গান ফুটুকা ফেনত পৰিণত কৰিলে।এজনো উচ্চ পৰ্যায়ৰ আমোলা-বিষয়া-নেতা- মন্ত্ৰীক ধৰিব নোৱাৰিলে,বিপৰীতে কেৱল তলৰ পৰ্যায়ৰ নেতা-বিষয়া-কৰ্মচাৰীক আটক কৰিয়েই এই দুৰ্নীতি ৰোধ কৰিবলৈ বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে৷শীঘ্ৰেই ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়।চৰকাৰে ইতিমধ্যে প্ৰণয়ন কৰা কৃষি আইন আৰু ইআইএ ২০২০ৰ জৰিয়তে সমস্ত শ্ৰমজীৱী-কৃষিজীৱী ৰাইজৰ ভৱিষ্যত অতি ভয়াৱহ কৰি তুলিব বুলি ব্যক্ত কৰে।চিপিআইৰ যুৱ নেতা অনুপ গগৈ উপস্থিত থাকি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিসমূহক সমালোচনা কৰি ইয়াৰ বিৰুদ্ধে জনগণক সজাগ হ’বলৈ আহ্বান জনায়৷ চৰকাৰৰ প্ৰৰোচনাত একাংশ উগ্ৰ সাম্প্ৰদায়িক নেতা-মন্ত্ৰীয়ে সমাজখন হিন্দু-মুছলমানৰ মাজত ভাগ ভাগ কৰি পেলাইছে বুলি কয় ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক সভাৰ জিলা সম্পাদক মদন বৰুৱাই কয় যে চৰকাৰে খিলঞ্জীয়া কৃষকৰ দখলীকৃত মাটিত পট্টা দিয়া বিপৰীতে বনিয়াকহে ভূমি হস্তান্তৰ কৰিছে।মহিলা নেত্ৰী অনুৰাধা গোহাঁই গগৈয়ে বিজেপি চৰকাৰে জনজীৱন বিপজ্জনক কৰি তুলিছে বুলি কয়। 

Your Comments