ঘগ্ৰাপাৰত ভূমিহীন খিলঞ্জীয়া লোকক ভূমিপট্টা আৰু আৱন্টন-পত্ৰ বিতৰণ বিধায়ক অশোক শৰ্মাৰ

Ashok Sharma

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৩ অক্টোবৰ: 

অসমীয়া খিলঞ্জীয়াৰ জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ একান্ত আন্তৰিকতাৰ ফলশ্ৰুতি হিচাপে মাটিৰ পট্টা আৰু ভূমি আবন্টন-পত্ৰ দিয়াৰ ব্যৱস্থাৰ আৰম্ভণি হৈছে।মঙলবাৰে নলবাৰী জিলা ঘগ্ৰাপাৰস্থিত ৰাজহ চক্ৰ  কাৰ্যালয়ৰ বাকৰিত অনুষ্ঠিত ভূমিপট্টা প্ৰদান অনুষ্ঠানত ভূমিহীন লোকক ভূমিপট্টা আৰু আবন্টন-পত্ৰ বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই।উল্লেখ‍্য,ৰাজহ চক্ৰটোৰ ৩২৬ হিতাধীকাৰীৰ ভিতৰত আজি ১০ গৰাকীৰ মাজত আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰে।বিধায়ক শৰ্মাই নিজৰ ভাষণত কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সদিচ্ছাতহে অসমত পূৰ্বপুৰুষৰ পৰা ভোগ-দখল কৰি থকা মাটিত ভূমিৰ অধিকাৰ দিয়াৰ স্বাৰ্থত এনেদৰে ভূমি পট্টা প্ৰদান কৰি খিলঞ্জীয়া লোকক সসন্মানেৰে বসবাস কৰাৰ সুবিধা কৰি দিয়া হৈছে।আজি চৰকাৰে বেম্বো মিছনৰ জৰিয়তে অসমত নতুন প্ৰজাতিৰ বাঁহ ৰোপণ কৰি মিথানল উদ্যোগত প্ৰয়োগ কৰি ৰাজ্যখন উদ্যোগিক দিশেৰে আগুৱাই গৈ অৰ্থনৈতিক দিশত স্বচ্চল হোৱাৰ বাট মুকলি কৰাৰ প্ৰয়াস কৰিছে বুলি বিধায়ক শৰ্মাই মন্তব‍্য কৰে।ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া নন্দিতা হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত বৰিগোগ-বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা আৰু হিতাধিকাৰীসকল উপস্থিত থাকে।

Your Comments