দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৩অক্টোবৰঃ
পশ্চিম নলবাৰী অঞ্চলৰ চামতাত আজিও সাংবাদিকক আক্ৰমণৰ প্ৰতিবাদ অব্যাহত আছে।উল্লেখ্য যে যোৱা ৩ অক্টোবৰত চামতাৰ সাংবাদিক অনিমেষ বৰ্মনক ড্ৰাগছ মাফিয়াই দিন-দুপৰতে চামতাৰ কেন্দুৰতলত বাট আগচি ধৰি আক্ৰমণ কৰিছিল।উল্লেখ্য যে এচাম অসাধু লোকে পশ্চিম নলবাৰী অঞ্চলত মদ, গাঞ্জা, ড্ৰাগছকে ধৰি নিচাযুক্ত দ্ৰব্যৰ অবৈধ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে । সাংবাদিকসকলে ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আহিছে । নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ৰ বিৰুদ্ধে বাতৰি কৰাটোৱেই যেন অপৰাধ হ'ল সাংবাদিকৰ । শেহতীয়াকৈ যোৱা ২ অক্টোবৰত চামতাৰ জামৰতলত দুজন যুৱকক নিচাযুক্ত দ্ৰব্য বিক্ৰী কৰি থকা অৱস্থাত ৰাইজে হাতে লোতে ধৰি আৰক্ষীক গোটাই দিছিল।এই বিষয়ে বাতৰি পৰিবশন কৰাত ৩ অক্টোবৰত চামতাৰ সাংবাদিক অনিমেষ বৰ্মনক দুপৰীয়া চামতাৰ কেন্দুৰতলত ড্ৰাগছ মাফিয়াই বাট আগচি ধৰি আক্ৰমণ কৰে । সাংবাদিক অনিমেষ বৰ্মনক আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ সহযোগত চামতাৰ ৰূপকোঁৱৰ ক'লা পৰিষদৰ পৰা পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায় । প্ৰতিবাদকাৰীসকলে ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰক,অনিমেষ বৰ্মনৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰক,অসামাজিক কাৰ্য বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে চামতাৰ ৰাজপথ।শেষত সাংবাদিকক আক্ৰমণকাৰীসকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শান্তি দিবলৈ দাবী জনোৱাৰ লগতে পশ্চিম নলবাৰী অঞ্চলৰ পৰা মদ, গাঞ্জা,ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰি অসামাজিক কাৰ্য বন্ধ কৰিবলৈ দাবী জনাই পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু নলবাৰী জিলাৰ উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰে।প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ, পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদ, চামতা আঞ্চলিক ক্ৰীড়া সংঘ,সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰ ,প্ৰাক্তন ছাত্ৰনেতা এম হাচান আলী,ছাত্ৰ নেতা বিশ্বজিৎ শৰ্মা আদি বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াই অংশ লয়।
- Log in to post comments
- 7 views