সদৌ অসম নিৱনুৱা সন্থাৰ নলবাৰী জিলা সমিতি গঠন

Nalbari

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ জাজিয়াবাৰীত দেওবাৰে সদৌ অসম নিৱনুৱা সন্থাৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়।বেচৰকাৰী সংস্থা 'দৃষ্টি'ৰ কাৰ্যলয় চৌহদত আবেলি দুই বজাৰ পৰা অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সমাজকৰ্মী তথা দৃষ্টিৰ সভাপতি বিজয় কুমাৰ তালুকদাৰে।উক্ত সভাত সদৌ অসম নিৱনুৱা সন্থাৰ সভাপতি ধৰ্মেন্দ্ৰ দেউৰীয়ে অংশগ্ৰহণ কৰি নিজ ভাষণত ১৯৮৯ গঠন হোৱা সংস্থাটোৱে অসমৰ আৰ্থ -সামাজিক ব‍্যৱস্থাৰ হকে মাত মাতি অহা বুলি উল্লেখ কৰে। আনহাতে,অসমৰ নিৱনুৱা সমাজৰ সংবিধান প্ৰদত্ত অধিকাৰৰ হকে সদৌ অসম নিৱনুৱা সন্থাই অহৰহ সংগ্ৰাম চলাই অহা বুলি উল্লেখ কৰি অৰ্থনৈতিক বিপ্লৱত সফলতা লাভ কৰিবলৈ হ'লে নিৱনুৱা সমাজে কৃষি বিপ্লৱত আত্মনিয়োগ কৰিব লাগিব বুলি মত পোষণ কৰে।সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত অসমত চাৰে চাৰি লাখ চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে ৬০ লাখ নিৱনুৱা আছে বুলি আঙুলিয়াই দি চৰকাৰক সুস্পষ্ট নিয়োগ নীতি প্ৰৱৰ্তন কৰিবলৈ দাবী উত্থাপন কৰে। বদন কলিতাই আঁত ধৰা সভাখনত সদৌ অসম নিৱনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আকবৰ আলী ৰহমানে অংশগ্ৰহণ কৰি নিৱনুৱা সমাজ একগোট নোহোৱাৰ বাবে অসমত বহিৰাগতই দৃপদপাই আছে বুলি মন্তব্য কৰি 'আমাৰ বজাৰ আমাৰ পথাৰ' চৰকাৰৰ শ্ল'গানতে সীমাবদ্ধ থকা বুলি কটাক্ষ কৰে।তেওঁ ভাষণত সদৌ অসম নিৱনুৱা সন্থাই খেতিয়কৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ বাবে অসমৰ প্ৰতিখন জিলাতে একোখন আদৰ্শ বজাৰ স্থাপন কৰিব বুলি সদৰি কৰে।উক্ত সভাতে নৱ বৈশ‍্যক সভাপতি আৰু বদন কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া নলবাৰী জিলা সমিতিখন গঠন কৰে। সভাত সদৌ নিৱনুৱা সন্থাৰ যুটীয়া সম্পাদক জিন্টু ডেকা,কাৰ্যনিৰ্বাহ সদস্য জেহৰুল ইছলাম,মুস্তাফা আলী,চহিদুল আলী,নুৰ মহম্মদ (ৰাজা) আদিয়ে অংশগ্ৰহণ কৰে।উক্ত সভাত জিলাখনৰ প্ৰায় শতাধিক নিৱনুৱা উপস্থিত থাকে।

Your Comments