বংশৰ বেলৰতল-কুলহাটী সংযোগী গড়কাপ্তানি পথত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

Dead body

মৃণাল ডেকা,শুৱালকুছি :

কামৰূপ জিলাৰ শুৱালকুছিৰ আৰক্ষী থানাৰ অন্তৰ্গত বংশৰ বেলৰতল-কূলহাটী পথত শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত এটা তেজেৰে লুটুৰি-পুটুৰি হৈ সৰ্বশৰীৰত আঘাতৰ চিন থকা এজন প্ৰায় ৩০ বছৰীয়া অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৷ জানিব পৰা মতে, সন্ধিয়াৰে পৰা হৈ থকা কিনকিনিয়া বৰষুণৰ মাজতে বংশৰ বেলৰতল- কুলহাটী সংযোগী গড়কাপ্তানি পথৰ ওপৰতে এজন যুৱক তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা  পথটোৰে অহা-যোৱা কৰা পথচাৰীয়ে প্ৰত্যক্ষ কৰি বংশৰ বেলৰ তলৰ একাংশ স্থানীয় লোকক অৱগত কৰে।প্ৰথম অৱস্থাত কোনো মদাহী বুলি সন্দেহ কৰিছিল যদিও পাছত ইকান-সিকানকৈ এই খবৰ চাৰিওফালে বিয়পি পৰাত ঘটনাস্থলীত বহু লোকৰ সমাগম হয়। আনকি,বংশৰ,কূলহাটীকে ধৰি ইয়াৰ নিকটৱৰ্ত্তী অঞ্চলৰ পৰা যুৱকজনক চোৱাৰ বাবে উপস্থিত হয় যদিও কোনো লোকে চিনিব নোৱাৰিলে।ঘটনা সন্দৰ্ভত স্থানীয় লোকে শুৱালকুছি আৰক্ষীক খবৰ দিয়াত কিছু সময় পাছতে শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱকান্ত সাউদৰ নেতৃত্বত আৰক্ষী এটি দল ঘটনা স্থলীত উপস্থিত হৈ যুৱক জনৰ  মৃতদেহ উদ্ধাৰ কৰি শুৱালকুছি থানালৈ লৈ যায় ৷ কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে যুৱকজনক হত্যা কৰি এই স্থানত পেলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।ইতিমধ্যে শুৱালকুছি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Your Comments