দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰিবলৈ বিচৰা কৃষক বিধেয়ক বাতিলৰ দাবীত নলবাৰীত শুকুৰবাৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা,বৰাজোল আৰু বাহাৰঘাট আঞ্চলিক ছাত্র সন্থাই পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কৃষক বিধেয়কৰ প্ৰতিলিপি দাহ কৰি চৰকাৰ বিৰোধী শ্ল'গান প্ৰদানেৰে সৰৱ হৈ পৰে জাতীয় সংগঠনটো।এই বিধেয়কৰ জৰিয়তে কৃষকৰ অৱস্থা দুৰ্বিসহ কৰি তুলিব বুলি ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰে।
- Log in to post comments
- 14 views