নগাঁও বন বিভাগৰ দ্বাৰা জুৰীয়াত চেগুন কাঠসহ অবৈধ কাঠফলা মিল জব্দ

Nagaon

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলাৰ জুৰীয়াত নগাঁও বন বিভাগ আৰু জুৰীয়া আৰক্ষীৰ এটা যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ চেগুন কাঠসহ এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় । বুধবাৰে জুৰীয়াৰ কালিয়াডিঙা পাম গাৱঁত গোপন খবৰৰ ভিত্তিত নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰ আৰু জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে উক্ত অঞ্চলত অভিযান চলাই অবৈধভাৱে দীৰ্ঘদিন চলাই অহা কাঠফলা মিলটোৰ লগতে প্ৰায় ১৯ পিচ মূল্যবান চেগুন গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

Nagaon

অৱশ্যে, অভিযানৰ সময়ত কোনো এজন লোককে আটক কৰিব সক্ষম নহ'ল অভিযানকাৰী দলে।অভিযানত বন পালক ৰঞ্জন বৰা,নৃপেন বৰা,বনকৰ্মী মুক্তাৰ হুছেইন,দীনেশ ৰাজবংশী উপস্থিত আছিল।


 

Your Comments