*বঙাইগাঁও জিলা চিপিআই(এম)ৰ শোক প্ৰকাশ*
#বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বিশিষ্ট চিকিৎসক,সমাজকৰ্মী তথা চিপিআই (এম)ৰ জ্যেষ্ঠ নেতা ডাঃ মহোদৰ পাঠকৰ ক'ৰ'নাত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত ২২ ছেপ্টেম্বৰৰ নিশা মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ ৮৪ বছৰ বয়স হৈছিল।মৃত্যুৰ সময়ত তেওঁ পত্নী,পুত্ৰ,কন্যা,বোৱাৰী,নাতি- নাতিনী আৰু অগনন গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।ইফালে,ডাঃ মহোদৰ পাঠকৰ মৃত্যুত বঙাইগাঁও জিলা চি পি আই( এম)য়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ জিলা সমিতিৰ সম্পাদক পৰিমল চক্ৰৱৰ্তীয়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে মহোদৰ পাঠকে আইএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ কিছুদিনৰ বাবে বিজনী বান্ধৱ হাইস্কুল আৰু পূৱ বিজনী হাইস্কুল ( বৰ্তমান মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৯৫৮ - ১৯৫৯চনলৈ )ত শিক্ষকতা কৰিছিল।পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ পৰা এম বি বি এছ পাছ কৰে ৷ তেওঁ গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চাকৰি কৰিছিল যদিও পিছত চাকৰি ইস্তাফা দি প্ৰথমে মাণিকপুৰ আৰু পিছত বিজনীত চেম্বাৰ খুলি চিকিৎসা সেৱাত ব্ৰতী হয় ৷ মানৱ দৰদী তথা স্পষ্টবাদী হোৱাৰ বাবে দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজাৰ উদ্দেশ্যেৰে সক্ৰিয় ৰাজনীতিত অংশ লৈ ১৯৭২ চনত বাওঁ মৰ্চাৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজনী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ জৰুৰীকালীন অৱস্থাত ১৯ মাহ কাৰাবাস খাটিবলগীয়াও হৈছিল ৷ তেওঁ ১৯৭৭ চনত চি পি আই(এম)ৰ সদস্য পদ লাভ কৰে আৰু ১৯৭৯ চনত তেঁঁওৰ সম্পাদকৰ দায়িত্বত মাণিকপুৰ লোকেল কমিটী গঠন হয় ৷ ১৯৮২ চনত কোকৰাঝাৰ-উত্তৰ শালমাৰা জিলা কমিটীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি দীৰ্ঘদিন দলৰ কাম- কাজ পৰিচালনা কৰে ৷ ইয়াৰ পিছত তেওঁ কোকৰাঝাৰ - বঙাইগাঁও জিলা কমিটীৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল ৷ এই সময়ছোৱাতেই তেওঁ দলৰ ৰাজ্যিক কমিটীৰ সম্পাদক মণ্ডলীৰ সদস্য হিচাবেও দায়িত্ব পালন কৰে।লগতে দলৰ মহা সন্মিলনতো ৰাজ্যিক প্ৰতিনিধিত্ব কৰিছিল ৷ তেওঁ জিলাখনত দলৰ সংগঠন তথা গণ সংগঠনৰ কাম পৰিচালনাত নেতৃত্ব প্ৰদান কৰিছিল ৷ ডাঃ মহোদৰ পাঠকে অসম ৰাজ্যিক কৃষক সভাৰ ৰাজ্যিক কমিটীৰ উপ সভাপতি দায়িত্বও পালন কৰিছিল । ১৯৭৮ চনত পঞ্চায়ত নিৰ্বাচনত দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ মহকুমা পৰিষদৰ কাম- কাজ পকিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ তেওঁ ১৯৭৮ চনৰ পৰা কেইবাবাৰো উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিত দলৰ প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ চিকিৎসক হিচপে তেওঁ আছিল অতি জনপ্ৰিয় আৰু গৰীৱ দৰদী ৷ তেওঁ অঞ্চলটোৰ প্ৰতিটো অনুষ্ঠান গঢ়ি তোলাৰ ক্ষেত্ৰত নেতৃত্বকাৰী ভূমিকা পালন কৰিছিল ৷ ক্ৰীড়া আৰু সাংস্কৃতিক সংগঠক হিচাবে সত্তৰ দশকতেই মাণিকপুৰ ক্ৰীড়া সন্থাৰ অধীনত ন-জোৱান ক্লাৱ গঢ়ি তুলিছিল ৷ পৰৱৰ্তী সময়ত মাণিকপুৰ যুৱ একাদশ নামকৰন হয় ৷ তেওঁ ন- জোৱান সাংস্কৃতিক সংঘ গঠন কৰি যাত্ৰা নাট্য দলৰ নাট্যাভিনয় আৰম্ভ কৰে ৷ মাণিকপুৰ ক্ৰীড়া সন্থাৰ দীৰ্ঘদিন সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে মাণিকপুৰ আঞ্চলিক কলেজ প্ৰতিষ্ঠা কৰাত তেওঁৰ ভূমিকা আছিল শলাগ ল'বলগীয়া ৷ তেওঁ মাণিকপুৰ মহকুমা দাবী সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰি মাণিকপুৰ মহকুমা আৰু ৰাজহ চক্ৰ গঠন আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল ৷ তেওঁৰ মৃত্যুত মাণিকপুৰ,বিজনী ,বঙাইগাঁও,বৰনগৰ আদি এলেকাত শোকৰ ছাঁ পৰে ৷ সেইদৰে তেওঁৰ মৃত্যুত বঙাইগাঁও জিলা চি পি আই (এম) কমিটীয়ে গভীৰ শোক প্ৰকাশ কৰি মহোদৰ পাঠকৰ মৃত্যু দলৰ অপূৰণীয় ক্ষতি বুলি কয় ৷ জিলা সমিতিয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনাও জ্ঞাপন কৰে ৷ আনহাতে, সমাজকৰ্মীগৰাকীৰ মৃত্যুত বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও গভীৰ শোক প্ৰকাশ কৰিছে ৷
- Log in to post comments
- 6 views