দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ পূব নলবাৰীৰ কেন্দুকুছি গাঁৱৰ সমাজকৰ্মী,অসম আন্দোলৰ আন্দোলনকাৰী,অসম পুলিচৰ হাবিলদাৰ অমূল্য ডেকাৰ সোমবৰে নিশা প্ৰায় ১০.৩০ মান বজাত হঠাৎ গা বেয়া লগাত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নলবাৰীত ভৰ্ত্তি কৰে যদিও তাতে তেওঁৰ মৃত্যু হোৱাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।মৃত্যুৰ সময়ত তেওঁৰ বয়স ৫৬ বছৰ হৈছিল।ডেকা পূব নলবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল।তেওঁ স্থানীয় নৱ-যুৱক শিল্পী সংঘৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থাকি নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল।তেওঁ এগৰাকী সুদক্ষ ভলীবল খেলুৱৈ হিচাপে
বৃহত্তৰ অঞ্চলটোত জনপ্ৰিয়তা লাভ কৰিছিল।১৯৮০ চনত কেন্দুকুছিত অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদসকলক সোঁঁৱৰণ কৰাৰ বাবে গাঁঁৱত শ্বহীদ বেদী স্থাপন কৰিছিল।সদায় জাতিৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দিয়া এজন সমাজ সচেতন ব্যক্তি অমূল্য ডেকা বৃহত্তৰ পূব নলবাৰী অঞ্চলটোৰ শিক্ষানুষ্ঠান আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।তেওঁৰ মৃত্যুৰ পিছত মঙলবাৰে কেন্দুকুছি ৰাজহুৱা গোঁসাই ঘৰ প্ৰাংগণত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুুুষ্ঠিত কৰা হয়।এই অনুষ্ঠানত নশ্বৰ দেহত পুষ্পঞ্জলিৰে শেষ শ্ৰদ্ধা জনায় অসম উন্নিত সভাৰ কেন্দ্ৰীয় সমিতিৰ সুকুমাৰ শৰ্মা, কেন্দুকুছি গাঁও উন্নয়ন সমিতি,নৱ-যুৱক শিল্পী সংঘ,কেন্দুকুছি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী,বৰখানাজান গাঁঁও উন্নয়ন সমিতি, ক্ষুদ্ৰচেনীকুছি গাঁঁও উন্নয়ন সমিতি,নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা,উত্তৰ-পূব খাতা শাখা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান-সংগঠন,ব্যক্তিয়ে।উল্লেখযোগ্য যে মৃত্যুৰ সময়ত তেওঁ পত্নী,পাঁঁচগৰাকী জীয়াৰী আৰু আত্মীয়,কুটুম্বক এৰি থৈ গৈছে।তেওঁৰ মৃত্যুত সমগ্ৰ পূব নলবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।
- Log in to post comments
- 58 views