সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

সোণালী বান্দৰ

*কাকৈজনা,ৰাভাপাৰা, উজানপাৰাৰ সকলো উন্মুক্ত বিজুলী সংযোগ পৰিৱৰ্তিত হ'ব ইনচুলেটেড এ বি কেবললৈ*

#বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাৰ ১৭,২০১৬ বৰ্গ কিলোমিটাৰ জুৰি বিয়পি থকা কাকৈজনা সংৰক্ষিত বনাঞ্চলতেই উপলদ্ধ  দুষ্পাপ্য সোণালী বান্দৰৰ এটা প্ৰজাতি। কিন্তু বহু সময়ত এই  দুুষ্পাপ্য সোণালী বান্দৰে সচৰাচৰ চলাচল কৰোতে বা ৰাস্তা পাৰ হওঁতে  বিদ্যুৎ বিভাগৰ উন্মুক্ত হৈ থকা নিম্ন তথা উচ্চ ক্ষমতা সম্পন্ন বিজুলী পৰিবাহিত তাঁৰৰ দ্বাৰা  বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত বা মৃত্যু হোৱা পৰিলক্ষিত হয়। এই দুুষ্পাপ্য সম্পদবিধৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি হোৱা বিষয়টোক গুৰুত্ব সহকাৰে লৈ বঙাইগাঁও জিলা প্ৰশাসনৰ বিশেষ তৎপৰতাত এপিডিচিএল বঙাইগাঁৱৰ অধীনত কাকৈজনা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল ক্ৰমে ৰাভাপাৰা আৰু উজানপাৰাত থকা সকলো নিম্ন (.৪৪০ কেভি)আৰু উচ্চ( ১১ কেভি) ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ ঠাইত ইনচুলেটেড কেবল (insulated cable ) দিয়াৰ ব্যৱস্থা কৰা হৈছে।এই ইনচুলেটেড কেবল ব্যৱহাৰৰ ফলত সোণালী বান্দৰ বিদ্যুৎস্পৃষ্ট হোৱাৰ ঘটনা হ্ৰাস পাব বুলি আশা কৰা হৈছে।বৰ্তমান এই ক্ষেত্ৰত ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু বতৰৰ অনুকূলতা আৰু প্ৰতিকূলতাৰ ওপৰত ভিত্তি কৰি বাকী ৰোৱা কামখিনিও অতি সোনকালে সম্পূৰ্ণ কৰা হ'ব ৷

 

Your Comments