ঘগ্ৰাপাৰত বিজেপিৰ সাংগঠনিক সভাত জয়ন্ত মল্ল বৰুৱা-'চৰকাৰ আমাৰ হোৱাাটো নিশ্চিত'

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা বিজেপিৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা মঙলবাৰে ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়।বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই সভাপতিত্ব কৰা সভাখনৰ আঁত ধৰে মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মনে।সভাত অংশগ্ৰহণ কৰি ৰাজ‍্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই নিজৰ ভাষণত কয় যে ২০২১ত আমাৰ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত যদিও নলবাৰী সমষ্টিৰ পৰা বিধায়কজনক ১ লাখ ২৫ হাজাৰ ভোট দিয়াৰ বাবে কাৰ্যকৰ্তাসকলে এতিয়াৰে পৰা চৰকাৰৰ আঁচনি লৈ ৰাইজৰ মাজত সোমাব লাগে বুলি আহ্বান জনায়।নেতাগৰাকীয়ে লগতে কয় যে এই মণ্ডলত বিজেপিৰ শক্তিশালী স্থিতি থকাই নহয় প্ৰতিটো পৰিয়ালতে বিজেপিৰ সদস্য আছে।

Ghagrapar

উক্ত সভাত মণ্ডলটোৰ জ্যেষ্ঠ বিজেপি নেতা,প্ৰাক্তন মণ্ডল সভাপতি আৰু দলটোৰ জন্মলগ্নৰে পৰা বিজেপিৰ হৈ কাম কৰা প্ৰায় ৩৫ গৰাকী বিজেপি কৰ্মীক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।সভাত ৰাজ‍্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা, অৰ্থনীতি কোষৰ আহ্বায়ক ডঃ দেৱজিৎ মহন্ত,মণ্ডল প্ৰভাৰী মৃনাল শৰ্মা,সহপ্ৰভাৰী কমল ৰাজবংশী,নলবাৰী জিলাৰ এছটি মৰ্চাৰ সভাপতি হিতেশ ব্ৰহ্ম,বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মা,শ‍্যামন্ত শৰ্মা,বুবুল দাস,কনক ভৰালী,উপসভাপতি যোগেশ কলিতা,সুজিত দাস,কোষাধ‍্যক্ষ জয়ন্ত তালুকদাৰকে ধৰি প্ৰায় শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।উক্ত কাৰ্যনিৰ্বাহ সভাত কেবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰিও ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰৰ বৰম্বৈ বৰপুখুৰী পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গঢ়া আৰু আল্লিয়া-খাতিকুছিত অঞ্চলত শ শ বিঘা চৰকাৰী ভূমি বেদখলৰ পৰা মুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰ তথা উৰ্ধতন কৰ্তৃপক্ষলৈ পঠোৱাৰ সিদ্ধান্ত লয়।উল্লেখ‍্য‍ যে উক্ত মণ্ডল সমিতিখনে বৰ্তমানলৈকে ৫০ টাৰো অধিক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বুলি  মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই জানিবলৈ দিয়ে।

Your Comments