বঙাইগাঁৱত 'আপজু'ৰ প্ৰতিষ্ঠা দিৱস পালন

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

অসম প্ৰদেশ সাংবাদিক সন্থা(আপজু)ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস মঙলবাৰে বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব প্ৰাংগণত পালন কৰা হয়।ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্থাৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হীৰকজ্যোতি মেধীয়ে।পতাকা উত্তোলনত সহযোগ কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মনোজ কুমাৰ শৰ্মাই।ইয়াৰ পিচতে স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক প্ৰণৱ কুমাৰ ডেকাই। অনুষ্ঠানৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল ছোবাহান আলীয়ে ৷

Bongaigaon

অনুষ্ঠানত চিকিৎসাধীন হৈ থকা 'আপজু'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুঞ্জ মোহন ৰায়ৰ লগতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায়ৰ আশুআৰোগ্য কামনা কৰে।

 

Your Comments