বঙাইগাঁৱত পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত 'আক্ৰাছু'ৰ অৱস্থান ধৰ্মঘট 

Bongaigaon

*চৰকাৰে যিখিনি এলেকাক সামৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিছে তাক লৈ আমি মুঠেও সন্তুষ্ট নহওঁ-কৰ্মেশ্বৰ ৰায়*

#বঙাইগাঁৱৰ প্ৰতিবেদক:

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ই জিলাই জিলাই আহ্বান জনোৱা তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী বঙাইগাঁৱতো সোমবাৰে ৰূপায়ণ কৰা হয় ৷ সদৌ বঙাইগাঁও জিলা আক্ৰাছু ,কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ উদ্যোগত বঙাইগাঁও চহৰৰ গান্ধী ময়দানত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগঠনৰ নেতা- কৰ্মীসকলে কমতাপুৰ বিৰোধী হুচিয়াৰ , ন' এছ টি ন' ৰেষ্ট , ন কমতাপুৰ ন ৰেষ্ট , উই ওৱান কমতাপুৰ ,উই ওৱান জাষ্টিচ, আহ ঐ আহ  ওলাই আহ , নৰেন্দ্ৰ মোদী প্ৰতাৰক ,নৰেন্দ্ৰ মোদী মিছলীয়া, সৰ্বানন্দ সোনোৱাল লেই লেই চেই চেই আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ইফালে,অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৰ্মেশ্বৰ ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই সংগ্ৰাম কৰি আহিছে ৷আজি অসমৰ প্ৰতিখন জিলাতে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ আনহাতে,চৰকাৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰাৰ লগতে জনজাতিকৰণ অতি সোনকালে হ'ব বুলি কথা দিয়াৰ পিচতো কিয় পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে বুলি সাংবাদিকে প্ৰশ্ন কৰাত আক্ৰাছু নেতাগৰাকীয়ে কয় যে চৰকাৰে আমাক যি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিছে সেয়া অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি গঠন কৰা হ'ব বুলি কৈছে ৷ কিন্তু বৰ্তমান পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলা নাই ৷ আগতে বঙাইগাঁও, কোকৰাঝাৰ ,ধুবুৰী আৰু গোৱালপাৰা জিলাক সাঙুৰি অবিভক্ত গোৱালপাৰা জিলা আছিল ৷ এতিয়া গোৱালপাৰা জিলাৰ প্ৰায় সত্তৰ শতাংশ এলেকা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হ'ল ৷ কোকৰাঝাৰ জিলাৰ এশ শতাংশই বিটিচিত সোমাল ৷ ধুবুৰী জিলাৰ কিছু অংশও বিটিচিত সোমাল ৷ সেইদৰে বঙাইগাঁও জিলাক ভাগ কৰি চিৰাং জিলা গঠন হ'ল ৷ সেয়ে চৰকাৰে যিখিনি এলেকাক সামৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিছে তাকলৈ আমি মুঠেও সন্তুষ্ট নহওঁ ৷ কাৰণ অসমত আমি প্ৰায় চল্লিছ লাখ কোচ ৰাজবংশী লোক আছো।কিন্তু তৎস্বত্বেও আমাক ইমান কম এলেকাক সামৰিহে স্বায়ত্তশাষিত পৰিষদ প্ৰদান কৰিছে ৷ সেয়ে তাক লৈ আমি সন্তুষ্ট নহওঁ ৷ আক্ৰাছুৰ সভাপতিগৰাকীয়ে বৰপেটা তথা দৰং জিলালৈকে কমতাপুৰ স্বায়ত্তশাসিক পৰিষদৰ অন্তৰ্ভুক্ত কৰাৰ বাবেও চৰকাৰক দাবী জনায় ৷ আনহাতে সংগঠনটোৰ মুখ্য সাংগঠনিক সম্পাদক কমল সৰকাৰে কয় যে অসম চৰকাৰৰ পাঁচ বছৰ কাল সম্পূৰ্ণ হ'বৰ হ'ল, কিন্তু তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল,তাক বাস্তৱত ৰূপায়ণ  কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল ৷ যাৰ বাবে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছো যে তেওঁলোকে যাতে এই জনজাতিকৰণৰ ইছ্যুটোক লৈ খেলা নেখেলে ৷ আমাৰ দাবী বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক ৷ অন্যথা আমি ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম ৷ উল্লেখ্য যে কাৰ্যসূচীৰ অন্তত আক্ৰাছুৰ জিলা সমিতিৰ তৰফৰ পৰা পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলক অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰদানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি দিব্যজ্যোতি পাঠক,সাধাৰণ সম্পাদক বিকাশ বৰ্মনৰ লগতে জিলা সমিতিৰ অন্যান্য বিষয়ববীয়াসকল,কোচ ৰাজবংশী মহিলা সমিতিৰ বিষয়ববীয়া,চিলাৰায় সেনা তথা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতা উপস্থিত থাকে ৷    
 

Your Comments