প্ৰশ্ন কাকত ফাদিল,অসম আৰক্ষীৰ SI পৰীক্ষা ৰাজ্যজুৰি বাতিল

Assam Police

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা বাতিল।প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বাতিল হৈছে পৰীক্ষা।দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হৈছিল পৰীক্ষা।৫৯৭টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হৈছে প্ৰায় ৯৪ হাজাৰ প্ৰাৰ্থী।

প্ৰশ্ন কাকত ফাদিলৰ পিছতে তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে পৰীক্ষা।উল্লেখ যে প্ৰশ্ন কাকত কোন স্থানৰ পৰা ফাদিল হৈছে,সেয়া নিশ্চিত হোৱা নাই বৰ্তমান সময়ত।অসম আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

গুৰুত্বপূৰ্ণ যে এসপ্তাহৰ পূৰ্বে উক্ত পৰীক্ষা সন্দৰ্ভতে ৪ লাখ টকাত চাকৰি দিয়াৰ এটা দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।তাৰ পিছতে আজি অনুষ্ঠিত হৈছিল পৰীক্ষা।কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ পিছতে প্ৰশ্ন কাকত ফাদিল হোৱাত বাতিল হয় পৰীক্ষা।

উক্ত পদৰ পৰৱৰ্তী তাৰিখ শীঘ্ৰে ঘোষণা কৰিব বুলি উল্লেখ কৰিছে আৰক্ষী বিভাগৰ ফালৰ পৰা।

ইফালে,প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক  প্ৰধান ভাস্কৰ জ্যোতি মহন্তক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।নিযুক্তি প্ৰক্ৰিয়া ব্যৰ্থ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোকো শীঘ্ৰে চিনাক্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক দিল্লীৰ পৰা নিৰ্দেশ প্ৰদান কৰে মুুখ্যমন্ত্ৰীগৰাকীয়ে।

Your Comments