৮ হাজাৰ টকাৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল 'ছেবা'ৰ সহকাৰী সচিব হেমন্ত ডেকা

Culprit

গুৱাহাটীত 'ছেবা'ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।দুৰ্নীতি নিবাৰক শাখাৰ ১২জনীয়া এটা দলৰ অভিযানত হাতে-লোটে ধৰা পৰে ছেবাৰ সহকাৰী সচিব হেমন্ত ডেকা।ডেকাক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে বহু নথি-পত্ৰ।৮হাজাৰ টকাৰ ঘোচ লোৱাৰ সময়ত ধৰা পৰে হাতে-লোটে।উল্লেখ যে আকস্মিকভাৱে কাৰ্যালয়টোত চলিছিল অভিযান।

হেমন্ত ডেকাৰ বিৰূদ্ধে পূৰ্বতে আছিল দুৰ্নীতিৰ গুৰুতৰ অভিযোগ।শিক্ষা বিভাগৰ দুৰ্নীতিৰ সৈতে তেওঁৰ সৈতে আৰু কোনোবা জড়িত হৈ আছে নেকি তাৰ বাবে জেৰা চলাই থকা হৈছে বিষয়াগৰাকীক।

Culprit

প্ৰাপ্ত খবৰ অনুসৰি এগৰাকী যুৱতীৰ চাৰ্টিফিকেটৰ নাম শুদ্ধ কৰা বাবদ ১০ হাজাৰ টকা বিচাৰিছিল বিষয়াগৰাকীয়ে।সচেতন ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰাত ৮হাজাৰ টকা লোৱা সময়ত হাতে-লোটে ধৰা পৰে অভিযানকাৰী দলৰ হাতত।

শিৱ কুমাৰ ভুজেল নাম এগৰাকী ব্যক্তিয়ে কন্যাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ-পত্ৰৰ নাম শুধৰণিৰ বাবে যোৱা ৫ ছেপ্টেম্বৰত ডেকাই ১০ হাজাৰ টকাৰ উৎকোচ বিচাৰিছিল।তাৰ পিছতে শিৱ কুমাৰে দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দিয়ে।সেই অভিযোগৰ ভিত্তিত শুকুুুৰবাৰে উৎকোচলোৱা অৱস্থাত হাতে গ্ৰেপ্তাৰ কৰে সচিব ডেকাক।

প্ৰায় ৫ ঘণ্টা কাৰ্যালয়টোত অভিযান চলাই জব্দ কৰে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ।

তাৎপৰ্য যে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বুনিয়াদ গঢ় দিয়া এটা গুৰুত্বপূৰ্ণ বিভাগ তএনেধৰণৰ ঘটনা সংঘটিত হোৱাটো চৰম লজ্জাজনক।

Your Comments