*তদন্তৰ দাবীত পূব বংশৰ 'আছু'ৰ খণ্ড উন্নয়ন বিষয়া আৰু কামৰূপ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ*
*হিতাধিকাৰীৰ তালিকাত পঞ্চায়ত সভানেত্ৰীৰ নাম*
#মৃণাল ডেকা,শুৱালকুছি:
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী তালিকাত শুৱালকুছি উন্নয়ন খণ্ডৰ পঞ্চায়তসমূহত সংঘটিত ব্যাপক দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই খণ্ড উন্নয়ন বিষয়া আৰু কামৰূপ জিলা উপায়ুক্তলৈ বৃহস্পতিবাৰে স্মাৰকপত্ৰ প্ৰদান কৰে।সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাৰ নেতৃত্বত যোৱা পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সজাঁতি দলটিয়ে শুৱালকুছি খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ সহকাৰী খণ্ড উন্নয়ণ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰি তেওঁ কয় যে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনত সদ্য প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী তালিকাৰ ক্ষেত্ৰত অতি দুখীয়া পৰিয়ালৰ নাম তালিকাভুক্ত নোহোৱাত সৰ্বসাধাৰণ ৰাইজ ক্ষোভিত হৈ পৰিছে। শুৱালকুছি উন্নয়ন খণ্ডৰ আঠটাকৈ পঞ্চায়ততে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি চাকৰিয়াল,পঞ্চায়ত প্ৰতিনিধি আৰু ধনীক শ্ৰেণীৰ লোকৰ নাম তালিকাভুক্ত হয়।তেওঁ আৰু কয় যে গ্ৰামোন্নয়ন বিভাগৰ কাম হ'ল গাঁঁৱৰ অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ সৰ্বাঙ্গীন উন্নতি সাধন কৰা বা চৰকাৰে গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে আগবঢ়োৱা বিভিন্ন উন্নয়নমূলক আঁঁচনিসমূহৰ সমবিতৰণ কৰা।কিন্তু বিভাগীয় একাংশ আমোলা-বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিয়ে নিজৰ খেয়ালখুচি মতে নিজৰ ভিতৰতে আবদ্ধ ৰাখিছে।যাৰ ফলত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হ'ব লগা হৈছে। তেওঁ অভিযোগ কৰি কয় যে পঞ্চায়তৰ বিভিন্ন আঁঁচনি ৰূপায়নৰ নামত পঞ্চায়ত জনপ্ৰতিনিধিসকলে স্বজন-তোষণ কৰি পঞ্চায়তী ৰাজ ব্যৱস্থাটোক ভেকোভাওনালৈ পৰ্যবসিত কৰিছে।আনকি,পঞ্চায়ত সভানেত্ৰীৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সদ্য ঘোষিত তালিকাত নাম সন্নিৱিষ্ট হৈছে।এয়া মাত্ৰ এটিহে উদাহৰণ,তেনেকুৱা বহুত নাম আছে ৷ এইসকল লোকৰ বাবেই দুখীয়াসকল বঞ্চিত হ'ব লগা হৈছে।এই ক্ষেত্ৰত বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষই উচিত তদন্ত কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ দিয়া বুলিহে ছাত্ৰ নেতাগৰাকীয়ে গুৰুতৰ অভিযোগ কৰিছে।তেওঁ প্ৰধানমন্ত্ৰী আৱাসৰ জিঅ' টেক কৰাৰ নামত আৰু গৃহ আৱণ্টনৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধি-কৰ্মচাৰীসকলে ধনৰ লেন-দেন কৰা বুলিও উল্লেখ কৰে।
জানিব পৰা মতে , শুৱালকুছি উন্নয়ন খণ্ডৰ ১১৬ নং পছৰীয়া গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ নামো সদ্য প্ৰকাশিত প্ৰধানমন্ত্ৰী আৱাসৰ হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট হৈছে ৷ ইয়াৰ পিছতে পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন দাস, সম্পাদক সীমান্ত শৰ্মা স্বাক্ষৰিত এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ স্মাৰকপত্ৰ অনুষ্ঠানত আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তপন বৈশ্য , ৰাতুল দাস , ৰিংকু দাস সৌৰভ বৈশ্য,অৰূপ ৰাভা , প্ৰাক্তন আছু নেতা বিশ্বজিৎ বৈশ্য আদি উপস্থিত থাকে।
- Log in to post comments
- 88 views