সংখ্যালঘু ছাত্ৰ বৃত্তিৰ পাঁচশ কোটি টকীয়া কেলেংকাৰীত জড়িতৰ শাস্তিৰ দাবী কংগ্ৰেছৰ

Nagaon Congress

*নগাঁৱত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ উত্তাল প্ৰতিবাদ*

নগাঁৱৰ পৰা ৱাহিদুদ জামান: 

সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ ধনৰ কেলেংকাৰীয়ে ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে এই কেলেংকাৰীত জড়িতসকলৰ শাস্তিৰ দাবীত বৃৃহস্পতিবাৰে নগাঁৱত কংগ্ৰেছৰ সংখ্যালঘু বিভাগে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।বিভিন্ন বেনাৰ-প্লে'কাৰ্ড হাতত লৈ বিজেপি চৰকাৰ হায়, হায়, মন্ত্ৰী ৰঞ্জিত দত্ত আৰু সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল মুৰ্দাবাদ ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তোলে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে।

Nagaon Congress

প্ৰতিবাদকাৰীসকলে সংখ্যালঘু ছাত্র-ছাত্ৰীৰ জলপানিৰ কেলংকাৰীত বিজেপিৰ একাংশ নেতা জড়িত থকাৰ অভিযোগ তোলে।তদুপৰি, তেওঁলোকে সমগ্ৰ কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী জনায়।অন্যথা ব্লক, পঞ্চায়ত পৰ্যায়তো এই আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি সদৰি কৰে প্ৰতিবাদকাৰীসকলে। ইপিনে, প্ৰতিবাদী কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ নেতাকেইজনে সংস্কৃত টোল আৰু মাদ্ৰাছাসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব বিচৰা পদক্ষেপৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি সকীয়নী দিয়ে। এই প্ৰতিবাদত অংশ গ্ৰহণ কৰাৰ পিছত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ ৰাজ্যিক সভাপতি ছালমান খানে সংবাদ মাধ্যমৰ আগত কয়-"সংখ্যালঘু ছাত্ৰৰ জলপানীৰ ধনৰ ক্ষেত্ৰত ৫০০ কোটি টকাৰ কেলেংকাৰীত একাংশ বিজেপি নেতা জড়িত থকাৰ বাবে এই চৰকাৰখনে সঠিক তদন্ত কৰা নাই। এই কেলেংকাৰীত সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল জড়িত থকাৰো গুৰুতৰ অভিযোগ তোলে। তেওঁ শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে এই কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি বি আইক দিবলৈ দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ ৰাজ্যিক উপ -সভাপতিদ্বয় আব্দুল জব্বাৰ, দায়ান হুছেইন, মৰিগাঁও জিলাৰ সভাপতি আছিফ মহম্মদ নজৰ, সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় ছিয়াউল ইছলাম, নেকিবুৰ ৰহমান, সম্পাদক মোস্কান কিডৱাই, স্বৱনম ভূূঞা, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক মৃণাল হাজৰিকা প্ৰমুখ্যে ভালেকেইগৰাকী নেতাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাপতি ছলমান খানৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীৰ এটা দলে বৃৃহস্পতিবাৰে বিয়লি নগাঁও কবৰস্থান মছজিদত ক'ডিড-১৯ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি দোৱা-প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাৰ লগতে শতাধিক দৰিদ্ৰ লোকৰ মাজত লঘু খাদ্যৰ যোগান ধৰে।

Your Comments