শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

Abhirusi Kriya Diwas

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী এথলিট ভোগেশ্বৰ বৰুৱাৰ বৃহস্পতিবাৰে ৮৪ সংখ্যক জন্মদিন। 

১৯৩৭ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা বিশিষ্ট খেলুৱৈগৰাকীৰ জন্মদিনটোত সমগ্ৰ অসমতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। 

১৯৬৬ চনত বেংকত অনুষ্ঠিত হোৱা এচিয়ান গেমছত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভেৰে গৌৰৱ কঢ়িয়াই আনিছিল ভোগেশ্বৰ বৰুৱাই।তেতিয়াই অৰ্জুন বঁটাৰে সন্মানিত হৈছিল এই গৰাকী সুদক্ষ খেলুৱৈ।

প্ৰতি বছৰে আজিৰ দিনটোতে বিশিষ্ট খেলুৱৈ গৰাকীৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় যদিও এইবাৰ ক'ভিড পৰিস্থিতিৰ বাবে অনুষ্টুপিয়াকৈ শিৱসাগৰৰ কেবাটাও স্থানৰ লগতে খেলুৱৈগৰাকীৰ বাসগৃহত উদযাপন কৰা হয় জন্মদিন।

খেলুৱৈগৰাকীৰ জন্মদিন উপলক্ষে বিভিন্ন দল-সংগঠনে তথা অনুৰাগীয়ে খেলুৱৈগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাত তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে।


 

Your Comments