বিধানসভাত বহু প্ৰতীক্ষিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক গৃহীত:বঙাইগাঁৱত আক্ৰাছুৰ আনন্দ-উল্লাস 

Akrasu

*স্বায়ত্ব শাসিত পৰিষদ এলেকাত থকা আন জনগোষ্ঠীৰ লোক শংকিত হোৱাৰ কাৰণ নাই-অৰুণ কুমাৰ ৰায়*

বঙাইগাঁৱৰ প্ৰতিবেদক:

অসম বিধানসভাত বৃৃহস্পতিবাৰে কোচ ৰাজবংশীসকলৰ বহু প্ৰতিক্ষীত 'কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক- ২০২০' গৃহীত হোৱাৰ পিচতে বঙাইগাঁৱত আক্ৰাছু কৰ্মীসকলে ৰং খেলি তথা ফটকা ফুটাই আনন্দ - উল্লাস প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে বিধেয়কখন গৃহীত হোৱাৰ পিচতে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত সংগঠনটোৰ নেতা-কৰ্মী উপস্থিত হৈ কাৰ্যালয়ৰ সন্মুখত আবতৰীয়া হোলী খেলি আনন্দ প্ৰকাশ কৰে ৷

Akrasu

আক্ৰাছু কৰ্মীসকলে এজনে আনজনৰ গালে- মুখে আবিৰ সানি তথা ছটিয়াই আনন্দ উল্লাস প্ৰদৰ্শন কৰে ৷ লগতে ফুটায় ফটকাও ৷ আক্ৰাছু কৰ্মীসকলে সংগঠনটোৰ সভাতি অৰুণ কুমাৰ ৰায় জিন্দাবাদ ,গোকুল বৰ্মন জিন্দাবাদ, পূৰবী সৰকাৰ জিন্দাবাদ ,আক্ৰাছু জিন্দাবাদ , ন' এছ টি ন ৰেষ্ট , উই ৱান্ট জাষ্টিচ,ন কমতাপুৰ ন ৰেষ্ট আদি বিভিন্ন  ধ্বনিও দিয়ে ৷ ভাগ লয় সভাপতি অৰুণ কুমাৰ ৰায় , মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ আদিয়েও ৷

Akrasu

আনহাতে, আক্ৰাছুৰ কৰ্মেশ্বৰ ৰায় গোটেও বৰপাৰা ৰাজহুৱা খেলপথাৰত ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে ৷ ইপিনে আক্ৰাছুৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত সংগঠনটোৱে এই সন্দৰ্ভত এখন সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে কয় যে আজি  আমাৰ কাৰণে এটা বৰ ভাল দিন ৷কাৰণ আমি আক্ৰাছু ,কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই কোচ ৰাজবংশী জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তথা কোচ ৰাজবংশী জনগোষ্ঠীৰ আৰ্থ-সামাজিক দিশত উন্নয়নৰ কাৰণে আৰু লগতে কোচ ৰাজবংশীসকলৰ যি ঐতিহাসিক কমতাপুৰ ৰাজ্য আছিল লগতে জনজাতিকৰণ , কোচ ৰাজবংশী ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ দাবীত অহৰহভাৱে আন্দোলন কৰি আহিছিলো ৷ শেহতীয়াভাৱে আমাৰ এই দাবীৰ প্ৰতি সঁহাৰিজনাই অৰ্থাৎ ঐতিহাসিক কমতাপুৰৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে কোচ ৰাজবংশীসকলৰ সুৰক্ষাৰ কাৰণে যি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিলে তাৰ কাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ আক্ৰাছুৰ সভাপতিগৰাকীয়ে কয় যে এওঁলোকৰ প্ৰচেষ্টাৰ ফলতে আৰু এওঁলোকৰ সহযোগিতাৰ বাবেই আজি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নামেৰে কোচ ৰাজবংশীসকলৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে পৰিষদখন গঠন কৰিলে ৷ কিন্তু চৰকাৰে কেৱল স্বায়ত্ব শাসিত পৰিষদখন গঠন কৰি দিলেই নহ'ব, বৰং এই পৰিষদখনৰ যি যাৱতীয় কৰনীয় কাম অৰ্থাৎ আন্তঃ গাঠনিখিনি উন্নয়নৰ কাৰণে অতি ক্ষীপ্ৰতাৰে কাম কৰিব লাগে বুলিও কয় ৷ ইপিনে কোচ ৰাজবংশীসকলক কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ দিলেও এই এলেকাত থকা আন জাতি - জনগোষ্ঠীৰ লোকসকলে শংকিত হ'ব নালাগে বুলি কয় ৷ সভাপতিগৰাকীয়ে আন জনগোষ্ঠীৰ লোক সকললৈ আহ্বান জনাই কয় যে আন জনগোষ্ঠীৰ লোকে পৰিষদীয় এলেকাত তেওঁলোকৰ কোনো অধিকাৰ নাথাকিব বুলি ভাৱিব নালাগে আৰু কোনেও শংকিত হোৱাৰ কোনো কাৰণ নাই আৰু কোনো ভয় কৰিবলগীয়াও নাই ৷ ইয়াত কোচ ৰাজবংশীসকলৰ লগতে স্বায়ত্ব শাসিত পৰিষদখনৰ এলেকাত আন যি বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকসকল বসবাস কৰি আছে তেওঁলোকেও সমান অধিকাৰ লাভ কৰিব ৷ লগতে আমি সকলোৱে একেলগে থাকি যাতে এই কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদখনক অসমৰ ভিতৰতে এখন আদৰ্শবান স্বায়ত্ব শাসিত পৰিষদ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰো তাৰ কাৰণে সহযোগিতা কৰিবলৈ বিভিন্ন জনগোষ্ঠীৰ লোকসকলক আহ্বান জনায় ৷ কাৰণ সকলোৱে যদি সহযোগিতা কৰে তেতিয়া হ'লে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদখন ৰাজ্যখনৰ ভিতৰতে এখন আদৰ্শবান পৰিষদ হ'ব ৷ আনহাতে, কোচ ৰাজবংশীসকলে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ পালেও পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবী পুৰণ নোহোৱালৈকে আক্ৰাছুৰ আন্দোলন চলি থাকিব বুলিও কয় ৷ কাৰণ জনজাতিকৰণ সন্দৰ্ভত ইতিমধ্যে ভাৰত চৰকাৰে অসম চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ এখন সমিতি কৰি দিছিল ৷ সেই সমিতিৰ অধ্যক্ষ হ'ল মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ  আজিলৈকে জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰা নাই ৷ আমি অসম চৰকাৰক বাৰে বাৰে কৈ আহিছো  যে ২০২১ ৰ নিৰ্বাচনৰ আগতে যাতে এই প্ৰতিবেদন প্ৰেৰণ কৰি আমাক কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰে ৷ কিন্তু যদিহে '২১ৰ নিৰ্বাচনৰ পূৰ্বে আমাৰ সমস্যা সমাধান নকৰে তেতিয়াহলে নিশ্চয় কোচৰাজবংশী জনসাধাৰণৰ প্ৰত্যাহ্বানৰ সন্মুখিন হ'বলৈ সাজু থাকিব লাগিব ৷ বিজেপি চৰকাৰক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে ধন্যবাদ দিছো ৷ কিন্তু যদিহে জনজাতিকৰণৰ দাবীটোও পূৰণ কৰে তেতিয়াহ'লে বেছিকৈ ধন্যবাদ জ্ঞাপন কৰিম ৷ আক্ৰাছুৰ সভাপতিগৰাকীয়ে লগতে আৰু কয় যে চৰকাৰে ক'ৰ'নাৰ কাৰণে জনজাতিকৰণৰ প্ৰতিবেদন প্ৰেৰণ কৰাত বিলম্ব হোৱা বুলি কৈ আহিছে ৷ কিন্তু কথা হ'ল কৰ'নাৰ মাজতো চৰকাৰে বিভিন্ন উন্নয়নমূলক কাম- কাজ আদি কৰি আহিছে ৷ কেৱল আমাৰ জনজাতিকৰণৰ প্ৰতিবেদনখন প্ৰেৰণ কৰিব নোৱাৰাতো মানিব নোৱাৰা কথা ৷ আচলতে সদিচ্ছা থাকিলে সকলো কৰিব পাৰে ৷ আমি ইতিমধ্যে দেখিবলৈ পাইছো যে যেতিয়া বিটিআৰ গঠন হয় ,তেতিয়া আন কোনো জনগোষ্ঠীৰ সৈতে আলোচনা কৰা হোৱা নাছিল ৷ কেৱল যিসকলে আন্দোলন কৰিছিল তেওঁলোকৰ সৈতে একপক্ষীয়ভাৱে আলোচনা কৰি গঠন কৰিলে ৷ কিন্তু কোচ ৰাজবংশীসকলে সুদীৰ্ঘ দিন ধৰি এই দাবী জনাই আহিছে ৷ ইয়াৰ মাজতে ১৯৯৬ ত তদানীন্তন প্ৰয়াত ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ দিনত ৰাষ্ট্ৰপতিৰ অধিসূচনাৰ জৰিয়তে জনগোষ্ঠীটোক জনজাতিকৰণ কৰিছিল ৷ কিন্তু এতিয়া পুনৰ চৰকাৰে কৈ আহিছে যে জনজাতিকৰণৰ বৈশিষ্ট নাই তথা বিভিন্ন অজুহাত দেখুৱাই আহিছে ৷ সেয়ে বৰ্তমান যিসকল জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা ভোগ কৰি আহিছে তেওঁলোকলৈ এটাই আহ্বান যাতে তেওঁলোকে আমাৰ জনজাতিকৰণৰ যি প্ৰতিবেদন অসম চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰিব তাৰ বিৰোধ নকৰে ৷ তেওঁলোকে যদি সহযোগিতা কৰে , তেতিয়াহলে আমি ভাই- ককাই হিচাপে একেলগে বসবাস কৰিব পাৰিম।সভাপতিগৰাকীয়ে এইক্ষেত্ৰত এবছু আৰু ট্ৰাইবেল সংঘকো সহযোগিতা কৰিবলৈ আহ্বান জনায় ৷ তেওঁলোকে সহযোগিতা কৰিলে অসমত এক শান্তিৰ বাতাবৰণ বিৰাজ কৰিব বুলিও কয় ৷ সংবাদ মেলত কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰৰ লগতে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতি আৰু বিভিন্ন জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল ৷ 


 

Your Comments