জম্মু কাশ্মীৰত চিআৰপিএফৰ উপ-পৰিদৰ্শক অমৃত বৰদলৈৰ মৃত্যু:কলিয়াবৰত শোকৰ ছাঁঁ

Cop

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

জম্মু-কাশ্মীৰৰ ডোদা জিলাৰ বডোৱাৰাত কৰ্মৰত কলিয়াবৰৰ অমৃত বৰদলৈ নামৰ চিআৰপিএফৰ  উপ-পৰিদৰ্শকগৰাকীৰ মৃত্যুৰ বাতৰিত সমগ্ৰ কলিয়াবৰতে শোকৰ ছাঁ  পৰিছে।চিআৰপিএফৰ ৩৩ নং বেটেলিয়ানৰ উপ-পৰিদৰ্শক অমৃত বৰদলৈয়ে বুধবাৰে পুৱা ৬ মান বজাত পৰিয়ালৰ সৈতে মোবাইল ফোনৰ জড়িয়তে কথা পতাৰ পিছত বুধবাৰে পুৱা ৯ মান বজাত চিআৰপিএফৰ কাৰ্যালয়ৰ পৰা পৰিয়ালৰ লোকক মৃত্যুৰ দুঃখবৰটো জনায়।

Cop

মৃত্যুৰ সময়ত পত্নী অজন্তা বৰদলৈ,পুত্ৰ বেদান্ত বৰদলৈ (১৪) আৰু
কন্যা কৃষ্ণাক্ষী বৰদলৈ (৪ বছৰ ৬ মাহ) ইহসংসাৰত এৰি থৈ গৈছে।বুকুৰ বাওঁফালে গুলীবিদ্ধ হোৱাৰ ফলত অমৃত বৰদলৈৰ মৃত্যু হয়।কেনেকৈ তেওঁ এইদৰে  গুলীবিদ্ধ হ'ল,সেই বিষয়ে বিভাগীয়ভাৱে ৰাজহুৱা কৰা নাই পৰিয়ালৰ লোকক।বৃৃৃৃৃহস্পতিবাৰে মৃত বৰদলৈৰ মৃতদেহ জম্মুৰ পৰা কলিয়াবৰৰ নিজ বাসগৃহ আহি পোৱাৰ কথা আছে বুলি পৰিয়ালৰ সূত্ৰত জানিবলৈ দিয়ে।

Your Comments