বৰপেটাৰ সত্ৰত অঘটন;ইছলামধৰ্মী যুৱকে জ্বলাই দিলে গুৰু আসন,লণ্ডভণ্ড কৰিলে সত্ৰৰ সামগ্ৰী

Barpeta

বৃহস্পতিবাৰে সত্ৰনগৰী বৰপেটাৰ গণককুছি সত্ৰত সংঘটিত হয় এটা অঘটন৷দিন দুপৰতে সত্ৰত প্ৰৱেশ কৰি এজন ইছলামধৰ্মী যুৱকে জ্বলাই দিলে গুৰু আসন৷লণ্ডভণ্ড কৰিলে পৱিত্ৰ ভিঠিত থকা শৰাই আৰু অন্যান্য সামগ্ৰী৷গণককুছি সত্ৰৰ শ্ৰীৰাম আতাৰ পৱিত্ৰ ভিঠিৰ গুৰু আসন জ্বলালে ৰফিকুল আলী নামৰ যুৱকজনে।

Barpeta

জানিব পৰা মতে যুৱকজনে গুৰু আসনখন সত্ৰৰ বাহিৰলৈ উলিয়াই আনি জ্বলাই দিয়ে।আনহাতে এই ঘটনাক লৈ সমগ্ৰ  অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷

Barpeta

ইতিমধ্যে ক্ষুব্ধ ৰাইজে যুৱকজনক  কৰায়ত্ব কৰি গতাই আৰক্ষীক৷জানিব পৰা মতে, সেই সময়ত সত্ৰত উপস্থিত নাছিল কোনো লোক৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও বৰপেটাৰ ভেল্লাৰ শান্তিপুৰৰ কেওটকুছি সত্ৰৰ লক্ষ্মী মন্দিৰৰ দেৱী মূৰ্তিৰ ক্ষতিসাধন কৰাৰ লগতে মন্দিৰৰ বহু সামগ্ৰী জ্বলাই ভস্মীভূত কৰিছিল অভিযুক্ত ৰফিকুল আলীয়ে।

Your Comments