 
*নৱেম্বৰৰ পৰা গাঁৱে-গাঁৱে যাম কৃষি বিপ্লৱৰ বাবে-জুবিন*
নাগৰিকত্ব সংশোধনী আইন-২০১৯ চমুকৈ 'কা' বাতিলৰ বাবে পুনৰ আন্দোলনত অংশগ্ৰহণ কৰিব বুলি ঘোষণা নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গৰ।"চৰকাৰী বেণ্ড এম্বেছাদৰ কেতিয়াও নহওঁঁ,ৰাইজে সন্দেহ কৰিব নালাগে"- জুবিনে কয়।
"চৰকাৰৰ ফালৰ পৰা মোলৈ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ প্ৰস্তাৱ অহা নাই।কৃষি বিভাগৰ পৰা আহিছে"-শিল্পীগৰাকীয়ে উল্লেখ কৰে।
"বিভাগৰ বহু ভিতৰুৱা আঁচনিৰ কথা আমাৰ ল'ৰা ছোৱালীয়ে গম নাপায়।সেইসমূহ প্ৰচাৰ হোৱা নাই।খবৰ পালেহে সুবিধা ল'ব পাৰিব আমাৰ নৱ-প্ৰজন্মই।তেওঁলোকে সুবিধা লোৱাটো মই বিচাৰোঁ"- শিল্পীগৰাকীয়ে কয়।
আনহাতে,সাংস্কৃতিক জগতৰ একাংশ কৰ্মীয়ে 'কা'ৰ গইনা লৈ ৰাজনৈতিক দলত যোগদান কৰা প্ৰসংগৰ আঁত ধৰি শিল্পী জুবিনে কয়- "তেওঁলোক ৰাজনৈতিক দলত যোৱাটো সম্পূৰ্ণ ব্যক্তিগত কথা।তাত মোৰ ক'ব লগা একো নাই।মই নিঃস্বাৰ্থভাৱে কাম কৰোঁঁ।মোৰ দায়িত্ব অসমীয়া জাতিৰ প্ৰতি।সেয়া সদায় কৰি যাম।"
ভাল কামৰ বাবে কৰা বিপ্লৱ সদায় থাকিব।সেই বিপ্লৱ কেতিয়াও বন্ধ কৰিব নোৱাৰে।'কা' প্ৰসংগ আহিলে আকৌ আন্দোলন কৰিম।বৰ্তমান ৰাস্তাত ওলাব পৰা নাই।ভাল কথাত মাত মতাটো আমাৰ অধিকাৰ আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শিল্পী জুবিনে।
"মই কৃষি আন্দোলন কৰিবলৈ বিচাৰিছোঁঁ।আন্দোলন সফল কৰিবলৈ হ'লে বিভাগৰ সহায়ৰ প্ৰয়োজন হ'ব।নৱেম্বৰৰ পৰা অসমৰ গাঁৱে-গাঁৱে যাম,কৃষিৰ প্ৰতি নৱপ্ৰজন্মক আগ্ৰহী কৰাৰ বাবে।আমাৰ যাতে কৃষিভূমি এনেই পৰি নাথাকে"-জুবিনে কয়।
ফুটবল দল নতুনকৈ গঠন কৰাৰ সন্দৰ্ভত জুবিনে মন্তব্য কৰে-"যিসকলে ৰাজনৈতিক দলত যোগদান কৰিছে,তেওঁলোকক এতিয়াৰে পৰা খেলিবলৈ নিদিওঁ।বৰ্তমানৰ চাৰি-পাঁচজন ওলাই যাব দলৰ পৰা।"
গুৰুত্বপূৰ্ণ যে শিল্পীগৰাকী ব্ৰেণ্ড এম্বেছাদৰ হোৱা বিষয়টোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছিল।তাৰ পিছতে শিল্পী জুবিন গাৰ্গ সংবাদ মাধ্যমৰ পৰা আঁতৰি আছিল।
- Log in to post comments
- 23 views
 
     
 
 
 
 

 
 
 
 
 
 
 
 
 
