নৰেন শৰ্মা,বাহাৰঘাট:
ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাক প্ৰত্যাহ্বান জনাই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ গঢ়াৰ আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই একাংশ শিক্ষিত যুৱকে স্বনিয়োজনৰ দ্বাৰা নিজক প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছে৷আনকি এইসকল আত্মনিৰ্ভৰশীল যুৱক অইন নিবনুৱাৰ আদৰ্শ হৈ পৰিছে৷এইসকলক লৈ গৌৰাৱাম্বিত হ'ব পাৰে অঞ্চল৷তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ দ্বাৰা পৰিয়াল তথা অঞ্চল এটাৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব পাৰে৷তেনে এজন শিক্ষিত যুৱক হ'ল হাজো সমষ্টিৰ কঞা বৰপূল্লা গাঁঁও পঞ্চায়তৰ অন্তৰ্গত দৈচপৰা গাৱঁৰ মনোৰঞ্জন কলিতা৷কলিতাই
সম্পূৰ্ণ নিজা প্ৰচেষ্টাত উন্নত জাতৰ কাৱৈ মাছৰ বায়োফ্লক পদ্ধতিত উৎপাদন কৰি স্বাৱলম্বিতাৰ সপোন ৰচিছে৷আনৰ পৰা এটুকুৰা মাটি ভাড়াত লৈ তাতে গঢ়ি তুলিছে আকৰ্ষনীয় বায়োফ্লক পদ্ধতিত মাছ উৎপাদন পাম৷দুমাহ আগতে আৰম্ভ কৰা বায়োফ্লক পুখুৰীত বৰ্তমান কাৱৈ মাছৰ ওজন প্ৰতিটোৰ ৯০ ৰ পৰা ১০৫ গ্ৰাম হৈছে৷তেওঁ আশা কৰিছে উক্ত মাছে তেওঁক যথেষ্ট লাভান্বিত কৰিব৷তেওঁ কয় যে বৰ্তমানে চৰকাৰীভাৱে কোনো সহায় পোৱা নাই৷কলিতাই অন্ধ্ৰপ্ৰদেশত উক্ত পদ্ধতিত মাছ উৎপাদন কৰাৰ প্ৰশিক্ষণ লৈ আহিছে৷তেওঁ ভবিষ্যতে ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে৷সঁচাকৈয়ে কলিতাই নৱপ্ৰজন্মৰ বাবে আদৰ্শ স্থাপন কৰিছে।
- Log in to post comments
- 43 views