শিৱসাগৰ আৰক্ষীৰ জালত ৬ ভুৱা আলফা

শিৱসাগৰ

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ আৰক্ষীৰ জালত আলফাৰ নামত ধন দাবী ৬ ভুৱা আলফা।শিৱসাগৰ জিলাৰ ১৫ গৰাকীকৈ প্ৰতিষ্ঠিত ব্যৱসায়ীলৈ 'অৰুণোদই অসম'ৰ নামত ধন দাবী পত্ৰ প্ৰেৰণ কৰিছিল ভুৱা আলফাৰ দলটোৱে।
একাংশ ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত শিৱসাগৰ জিলা আৰক্ষীৰ অভিযানত  আৰক্ষীৰ জালত পৰিল এই ৬ জনীয়া ভুৱা আলফাৰ দলটো।আৰক্ষীৰ জালত পৰা ভুৱা আলফাৰ দলটোৰ সদস্যকেইজন ক্ৰমে শিৱসাগৰৰ কোঁৱৰপুৰৰ মানৱজ্যোতি মহন্ত,  ভতিয়াপাৰৰ অৰ্জুন ভড়ালী,কৌস্তভ চেতিয়া,মাধুৰ্য চেতিয়া,অমূল্য চাংমাই আৰু ৰুদ্ৰসাগৰৰ দীপাংকৰ দাস।ভুৱা আলফাৰ দলটোৱে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ দীপাংকৰ দাসৰ কম্পিউটাৰ চেন্টাৰত আলফাৰ পেড বনাই বিভিন্ন পক্ষক ধন দাবী কৰি আহিছিল।আৰক্ষীয়ে ধৃত ভুৱা আলফাৰ দলটোৰ পৰা বহুকেইটা ম'বাইল,লেপটপ,প্ৰিন্টাৰ,পেনড্ৰাইভ,অন্যান্য কেইবাটাও আপত্তিজনক সামগ্ৰীৰ লগতে  এখন  স্কুটী জব্দ কৰিবলৈ সক্ষম হয়।এই ঘটনাটোৰ সম্পূৰ্ণ মাষ্টাৰ মাইণ্ড মানৱ জ্যোতি মহন্ত বুলি জানিব পৰা গৈছে।বর্তমান ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখি গোচৰ ৰুজু কৰিছে।


 

Your Comments