মৰিগাঁও আৰক্ষীৰ বৃহৎ সাফল্য:আন্তঃৰাষ্ট্ৰীয় ছাইবাৰ অপৰাধৰ লগত জড়িত প্ৰাক্তন আমছু নেতাক গ্ৰেপ্তাৰ

Morigaon Police

*আৰক্ষীৰ পৰা হাত সাৰিবলৈ ক'ভিড-১৯ক ব্যৱহাৰ কৰিছিল অস্ত্ৰ হিচাপে দুধৰ্ষ ছাইবাৰ অপৰাধী এমদাদুলে*

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

আৰক্ষীৰ পৰা হাত সাৰিবলৈ ক'ভিড -১৯ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিও অৱশেষত সাৰি যাব নোৱাৰিলে আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধৰ লগত জড়িত থকা মৰিগাঁও জিলাৰ ভূূৰাগাঁৱৰ আমছু নেতা এমদাদুল ইছলামে।ভূৰাগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী তথা প্ৰাক্তন আমছু নেতা এমদাদুলে গাঁও পঞ্চায়তৰ আঁঁচনিৰ ধন বিভিন্ন সময়ত নিজৰ বেংক একাউন্টত সোমোৱা,নাৰী দেহৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ছাইবাৰ অপৰাধৰ লগত জড়িত থকাৰ বহু বিস্ফোৰক তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয়।অসমৰ বাহিৰৰ বহুকেইখন ৰাজ্যৰ লগতে তেলেংগানা ৰাজ্যৰ বহু মোবাইল নম্বৰ আৰু পাছবুক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২ খন আৰৱীয় দেশৰ লগত ধনৰ লেনদেনকে আদি ভয়ংকৰ তথ্য উন্মোচন কৰিছে ড: নন্দসিং বৰকলাৰ নেতৃত্বাধীন মৰিগাঁও আৰক্ষীয়ে।সামাজিক অপৰাধ হিচাপে চিহ্নিত ছাইবাৰ অপৰাধৰ লগত জড়িত ১৮ জন অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও ইয়াৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।আৰক্ষীয়ে প্ৰাক্তন আমছু নেতাজনে ব্যৱহাৰ কৰা বৰ্তমান সময়ত বজাৰত ডেৰ লাখ টকাৰ মূল্যৰ মোবাইল ফোনটো জব্দ কৰাৰ পিছতেই এই ভয়ংকৰ তথ্যসমূহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি মঙলবাৰে সংবাদমেলৰ জড়িয়তে আৰক্ষীয়ে অৱগত কৰে।মৰিগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত আৰক্ষী অধীক্ষক ড: নন্দসিং বৰকলা,অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাষীশ বৰুৱা,উপ আৰক্ষী অধীক্ষক লুইতজ্যোতি তালুকদাৰে অংশগ্ৰহণ কৰি সামাজিক অপৰাধৰ ক্ষেত্রত মৰিগাঁও আৰক্ষীয়ে কোনো কাৰণতেই আপোচ নকৰে বুলি প্ৰকাশ কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। 

 

Your Comments