*শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিধায়ক অশোক শৰ্মা,উপায়ুক্তক ৰাইজৰ দাবী*
দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ঘগ্ৰাপাৰ থানাৰ সমীপত অৱস্থিত ৰাজহুৱা সভাগৃহটো আজি দহ বছৰ পৰ্যন্ত ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো উৰ্ধতন কৰ্তৃপক্ষ,প্ৰশাসন আৰু জনপ্ৰতিনিধিয়ে মুঠেই গুৰুত্ব নিদিয়াত ৰাইজ ক্ষোভিত হৈ পৰিছে।উল্লেখ্য যে ২০০১ বৰ্ষতে নলবাৰী ডি আৰ ডি এৰ অধীনত নিৰ্মাণ কাৰ্য কৰা এই ৰাজহুৱা সভাগৃহটো অসম্পূৰ্ণ অৱস্থাতে ২০১১ চনৰ প্ৰৱল ধুমুহাত বিধ্বস্ত হৈছিল।উক্ত ধুমুহাত এই অৰ্ধনিৰ্মিত সভাগৃহটোৰ টিনপাত,ৰ'দ উৰুৱাই নিয়ে যদিও আজি দহ বছৰে নলবাৰী ডি আৰ ডি এ আৰু নলবাৰী জিলা পৰিষদ আৰু প্ৰশাসনে কোনো ধৰণৰ তদন্ততো দূৰৈৰ কথা এবাৰ আহি পৰিভ্ৰমণ কৰাৰ বাবে বৰমূৰীয়াসকলৰ সময় নহ'ল বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে।জানিব পৰা মতে ধুমুহাত উৰুৱাই নিয়া ৰাজহুৱা প্ৰতিষ্ঠানটোৰ টিনপাত,ৰ'দ আদি সামগ্ৰীসমূহ তেতিয়াৰ তদানীন্তন ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ তত্ত্বাৱধানত আছিল। আজি ১০ বছৰ ধৰি প্ৰায় দহ লাখ টকাৰ মুল্যৰ টিনপাত,ৰ'দ কাৰ দায়িত্ব থাকিল নে কোনোৱে বিক্ৰী কৰি ৰাজহুৱা সম্পত্তিৰ ধন আত্মসাৎ কৰিলে,তাক লৈ ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে।সম্প্ৰতি বৃহৎ আকাৰৰ ৰাজহুৱা সভাগৃহটোত আজি দহ বছৰ ধৰি টিনপাত নথকাৰ ফলত ৰ'দ -বৰষুণৰ পৰি গৃহটোৰ জঁকাটো অপ্ৰয়োজনীয় হৈ পৰিছে।ইফালে এই সম্পূৰ্ণ গৃহটো বৰ্তমানে ভূতবঙলাত পৰিগণিত হৈছে।উল্লেখ্য যে ২০০১ চনতে নলবাৰী সমষ্টিৰ তদানীন্তন বিধায়ক মদন কলিতাৰ কাৰ্যকালতে এই ৰাজহুৱা সভাগৃহটো ঘগ্ৰাপাৰৰ মাজমজিয়াত ৰাইজৰ বিভিন্ন ক্ষেত্ৰত সুবিধা হোৱাৰ অৰ্থে গ্ৰামোন্নয়ন বিভাগকে ধৰি নলবাৰী জিলা পৰিষদ,ডি আৰ ডি এ,বিধায়ক পুঁজি,সাংসদ পুঁজি আদি শিতানৰ পৰা প্ৰায় ২০ লাখ টকা ধাৰ্য কৰি স্থানীয় দুগৰাকী তেতিয়াৰে প্ৰভাৱশালী কংগ্ৰেছ নেতাক কামটোৰ দায়িত্ব দিছিল যদিও বিভিন্ন অজুহাতত ৰাজহুৱা সভাগৃহটোৰ নিৰ্মাণ কাৰ্য আধাৰুৱা হৈছে।শেহতীয়াভাৱে প্ৰায় কুৰি লক্ষাধিক টকাৰ ৰাজহুৱা সভাগৃহটো জনপ্ৰতিনিধি,উৰ্ধতন কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ হেমাহিৰ বাবে জহি-খহি যোৱাৰ উপক্ৰম হোৱাই নহয়,ইয়াৰে ভূমিও দুষ্ট লোকে বেদখল কৰিবলৈ উঠি পৰি লাগিছে বুলিও ৰাজহুৱা অভিযোগ উঠিছে।পিছে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই আজি পৰ্যন্ত কিহৰ ৰহস্যত এই অসম্পূৰ্ণ ৰাজহুৱা সভাগৃহটো পুনৰ নিৰ্মাণৰ বাবে আগবাঢ়ি অহা নাই,সেই সন্দৰ্ভত ৰাইজৰ মাজত লাখটকীয়া প্ৰশ্ন উদয় হৈছে।নে নলবাৰীৰ বিগত দিনৰ জনপ্ৰতিনিধিসকলে প্ৰাক্তন বিধায়ক মদন কলিতাৰ কাম হোৱা হেতু আগবাঢ়ি অহা নাই?সেয়েহে অঞ্চলটোৰ দল-সংগঠনে নলবাৰীৰ বিধায়ক অশোক শৰ্মা আৰু নলবাৰী উপায়ুক্তক এই অসম্পূৰ্ণ ৰাজহুৱা সভাগৃহটো পৰিভ্ৰমণ কৰি ইয়াৰ সমস্যাসমূহ দূৰ কৰি শীঘ্ৰে ঘগ্ৰাপৰীয়া ৰাইজৰ সুবিধাৰ অৰ্থে উক্ত স্থানতে নকৈ এটা ৰাজহুৱা সভাগৃহ সাজিবলৈ দাবী জনাইছে।
- Log in to post comments
- 9 views