*মিস্ত্ৰীৰ যোগালিৰ কাম কৰি পোহপাল দিছে পৰিয়াল*
দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
শিক্ষক এডাল মমবাতিৰ নিচিনা,যি নিজে গলি আনক পোহৰ বিলায়।ৰাইজৰ গাঁঁথিৰ ধনেৰে স্থাপন কৰা অসমৰ একাংশ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ অৱস্থা শোচনীয় হৈ পৰিছে।বছৰ বছৰ ধৰি এই বিদ্যালয়ৰ শিক্ষকসকলে প্ৰাদেশীকৰণৰ আশাত চৰকাৰলৈ বাট চাই আৰ্থিক দুৰৱস্থাৰ বাবে পেটত গামোচা বান্ধিব লগা হৈছে।পেটৰ তাড়ণাত অপ্ৰাদেশীকৃত শিক্ষকে দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে।তেনে এজন শিক্ষা বৃত্তিত নিয়োজিত নলবাৰীৰ এগৰাকী শিক্ষকৰ কৰুণ অৱস্থা দেখিবলৈ পোৱা গৈছে।শিক্ষকতা মহান বৃত্তিত জড়িত হৈও আজি পৰ্যন্ত লাভ কৰা নাই উপযুক্ত সন্মান তথা স্বীকৃতি।আনকি চৰকাৰৰ ফালৰ পৰাও এলাগী হৈ ৰৈছে শিক্ষকগৰাকী। নলবাৰীৰ এইগৰাকী শিক্ষক হৈছে হৰিচন্দ্ৰ কলিতা।
নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মিলনজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত কাম কৰা নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ সাহানবিষ্টুপুৰ গাঁৱৰ অপ্ৰাদেশীকৃত এইগৰাকী শিক্ষকে এতিয়া পেটৰ তাড়নাত কৰিবলগীয়া হৈছে আনৰ ঘৰে ঘৰে মিস্ত্ৰী যোগালিৰ কাম৷উল্লেখ্য যে বি এ,হিন্দী প্ৰবীন,সংগীত বি মিউজ আৰু ডি এল এড প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক হৰিচন্দ্ৰ কলিতা আজিও অপ্ৰাদেশীকৃত বিদ্যালয়খনত শিক্ষকতা বৃত্তিত নিয়োজিত হৈ আছে।ইয়াৰ উপৰিও শিক্ষক কলিতাই সংগীতৰ লগত জড়িত হৈ লোকগীতৰ শিল্পী হিচাপে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে।চৰকাৰ আহিল,চৰকাৰ গ’ল, কিন্তু যোৱা ২৮ বছৰে প্ৰাদেশীকৰণ নহ’ল উক্ত বিদ্যালয়খনৰ।যাৰ বাবে উপায়ন্তৰ হৈ পৰিয়ালৰ পোহ-পাল দিবলৈ কৰিবলগীয়া হৈছে ঘৰে-ঘৰে মিস্ত্ৰী যোগালিৰ কাম।আনকি, কাম নকৰিলে ভোকে-লঘোণে থাকিবলগীয়া হৈছে পৰিয়ালটো।আনহাতে,সন্তানক পঢ়াৰ উপযুক্ত যোগাৰ কৰি দিয়াতো ব্যৰ্থ হৈছে পিতৃগৰাকী৷পৰিৱৰ্তনৰ শ্ল’গান আৰু বিভিন্ন প্ৰতিশ্ৰুতিৰে অহা এই চৰকাৰৰ দিনতো কিন্তু এই পৰ্যন্ত পৰিৱৰ্তন নহ’ল হৰিচন্দ্ৰ কলিতাৰ জীৱন।পৰিতাপৰ কথা এই যে একালৰ কংগ্ৰেছী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোতেই এইসকল শিক্ষকে আৰ্থিক সাহায্য হিচাপে বছৰি ৪৮ হাজাৰকৈ তিনি বাৰ লাভ কৰিছিল।কিন্তু সেই একেজন মন্ত্ৰীয়েই বিজেপিলৈ ঢাপলি মেলাৰ পিছতেই বন্ধ কৰি দিয়ে এইসকল শিক্ষকৰ আৰ্থিক সাহায্য । শেহতীয়াকৈ মন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে বিদ্যালয়ৰ প্ৰাদেশীকৰণৰ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেয়া কেতিয়া কাৰ্যকৰী হ’ব,সেইটোহে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
- Log in to post comments
- 44 views