বিগত ১১ বছৰীয়া প্ৰতীক্ষাৰ অৱসান ঘটাই আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল গুৱাহাটীৰ-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ'পৱে সেৱা।ব্ৰহ্মপুত্ৰৰ ওপৰেৰে নিৰ্মাণ কৰা ১.৮২০ কিঃমিঃৰ ৰ'পৱে সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে এছিয়াৰ ভিতৰতে নদীৰ ওপৰত দীৰ্ঘতম ৰ'পৱেখন মুকলি কৰাৰ অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড:সিদ্ধাৰ্থ ভট্টাচাৰ্য্য,সাংসদ কুইন ওজা প্ৰমুখ্যে জিএমডিৰ বিষয়াসকল।
দুই লেনযুক্ত ৰ'পৱেখনে সংলগ্ন কৰিছে কাছাৰী পৰা উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটক।ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দৰ ওপৰেৰে পাৰ হৈ গৈছে ৰ'পৱে সেৱা।উল্লেখ যে ৰ'পৱে সেৱাত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাবলৈ প্ৰয়োজন হ'ব ৭মিনিট।এবাৰত ৩৫ জন যাত্ৰীয়ে কৰিব পাৰিব যাত্ৰা।যাত্ৰা মাচুল হ'ব ৬০ টকা।যদি অহা-যোৱা কৰে তেন্তে ভৰিব লাগিব মুঠ ১০০টকা।
ব্ৰহ্মপুত্ৰৰ নান্দনিক পৰিৱেশ উপভোগ কৰি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ কম সময়ৰ ভিতৰতে কৰিব পাৰিব যাত্ৰা।ৰ'পৱে নিৰ্মাণৰ বাবে সামগ্ৰীসমূহ ক্ৰয় কৰা হৈছিল ছুইজাৰলেণ্ডৰ পৰা।জিএমডিএৰ অধীনত নিৰ্মাণ কৰা প্ৰকল্পটোত ব্যয় কৰা হৈছে ৫৬কোটি টকা।
ইফালে, ৰ'পৱে সেৱা মুকলি কৰি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয়-"গুৱাহাটীবাসীৰ লগতে আধুনিক অসমৰ বাবে গুৰুত্বপূৰ্ণ আজিৰ দিনটো।ৰ'পৱে থকা ৰাজ্যৰ তালিকাত অসম অন্তৰ্ভুক্ত হ'ল"।
গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক ধন্যবাদ জনাই মন্ত্ৰী শৰ্মাই কয়-"প্ৰকল্পটো উদ্বোধন কৰিবলৈ মোক দিয়াৰ বাবে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম।"
আনহাতে,গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুৰ কাম ব'হাগ বিহুলৈ ৮০% সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"গুৱাহাটীত ৯ খন ফুট ব্ৰীজ নিৰ্মাণৰ কাম চলি আছে।অহা বৰ্ষৰ পহিলা জানুৱাৰীত একেলগে মুকলি কৰা বাবে চিন্তা কৰা হৈছে।"
"'কা' আন্দোলনৰ সময়ত দুষ্কৃতিকাৰীয়ে গুৱাহাটী পৰিৱেশ ধ্বংস কৰিছিল।অদৰকাৰী শ্লোগানেৰে দেৱাল শবোৰ ভৰাই তুলিছিল।প্ৰতিবাদৰ নামত গুৱাহাটী ধ্বংস কৰাটো কেতিয়াও গ্রহণযোগ্য নহয়"-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।
- Log in to post comments
- 32 views